Sat. Oct 31st, 2020
teacher

নেশ্যনেল ডেস্ক। নিৰাপত্তা সংস্থাসমূহৰ এক বৃহৎ সফলতা।

নিষিদ্ধ ড্ৰাগছ তথা মাৰণাস্ত্ৰৰ সৰবৰাহত জড়িত শিক্ষকসহ গ্ৰেপ্তাৰ ২।

ঘটনাৰ স্থান জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলা।

জানিপ পৰা মতে, জিলাখনৰ সাধনা পাছত সেনা আৰক্ষীৰ যুটীয়া অভিযানত অন্য এজন ব্যক্তিৰ লগতে এজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হয়।

অভিযান কালত উদ্ধাৰ কৰে ১০ কিলো ব্ৰাউন চুগাৰ, AK 47 ৰাইফল,বিভিন্ন প্ৰকাৰৰ ২০ গ্ৰেনেড, কেইবা ৰাউণ্ড গুলী, অস্ত্ৰ আৰু ২ খন বাহন।

সেনাৰ কুকুৰে বাহনত লুকুৱাই থোৱা অপৰাধজনিত দ্ৰৱ্যসমূহ উদ্ধাৰ কৰাত অভিযানত সহায় কৰে।

কূপৱাৰা SSP শ্ৰীৰাম দিনকৰ এ কয়, এক বিশেষ সূত্ৰৰ পম খেদি জম্মু কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত সাধনা পাছত আমাৰ অনুসন্ধানত সফল হওঁ।

গ্ৰেপ্তাৰ হােৱা শিক্ষকজন হৈছে বছিৰ আহমেদ শ্বেইখ। লগতে গ্ৰেপ্তাৰ হােৱা দ্বিতীয়জন হৈছে আব্দুল আমিৰ শ্বেইখ।

উল্লেখ্য যে দুয়োজনৰ ঘৰ তাংগধৰত। প্ৰায় ৫০ কোটি মূল্যৰ ১২ কিলো ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয় এই অভিযানত।

এতিয়াও সেনা আৰক্ষীয়ে অধিক বিস্ফোৰক উদ্ধাৰৰ উদ্দেশ্যে অভিযান অব্যাহত ৰাখিছে বুলি জনায় বিষয়াগৰাকীয়ে।