PUBG ৰ বাবে সন্তানে উৰুৱালে পিতৃৰ একাউন্টৰ ১৬ লাখ টকা!

PUBG ৰ বাবে সন্তানে উৰুৱালে পিতৃৰ একাউন্টৰ ১৬ লাখ টকা!

July 4, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। বিশ্বৰ যুৱ সমাজৰ মাজত অতি জনপ্ৰিয় ভিডিঅ গেম PUBG।

অৱশ্যে এই অনলাইন গেমক লৈ শেহতীয়াকৈ সংঘটিত হৈছে বহু অপ্ৰীতিকৰ ঘটনা।

এইবাৰ PUBGৰ বাবেই সংঘটিত হল এক ডাঙৰ ঘটনা।

পাঞ্জাৱৰ এটা পৰিয়ালৰ ১৭ বছৰীয়া সন্তানে এই গেম খেলি পিতৃৰ বেংক একাউন্টৰ পৰা খৰচ কৰিলে ১৬ লাখ টকা।

আচৰিত হ’লেও এয়াই সঁচা।

জানিব পৰা মতে, পিতৃয়ে এই টকা সাঁচি ৰাখিছল চিকিৎসাৰ বাবে।

মাক-দেউতাকে গম মোপোৱাকৈ মোবাইলৰ মেছেজ ডিলিট কৰি ৰাখিছিল কিশোৰজনে।

কিশোৰজনে পিতৃৰ তিনিটা বেংক একাউন্টৰ পৰা খৰছ কৰিছিল এই টকা।

মূলতঃ PUBG খেলত বিভিন্ন সুবিধা ক্ৰয়ৰ বাবে এই ধন ব্যয় কৰে কিশােৰজনে।

বৃহস্পতিবাৰে বেংক একাউন্টৰ ষ্টেটমেন্টতহে ধৰা পৰে এই কথা।

এই সমগ্ৰ কামখিনি কিশোৰজনে কৰিছিল মাতৃৰ ফোনেৰে।

অনলাইন ক্লাছৰ বাবেহে ফোন ব্য়ৱহাৰ কৰিছিল বুলি ভাৱিছিল পিতৃ-মাতৃয়ে।