STF ৰ অভিযানত জব্দ ১০ লক্ষাধিক টকাৰ হেৰ’ইন, আটক সৰবৰাহকাৰী…

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

লংকাৰ বাইপাছত ড্ৰাগছৰ সন্ধানত বুধবাৰে দুপৰীয়া অভিযান চলাই STF -এ।

অভিযানত মজিবুৰ ৰহমান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে দলটোৱে।

লগতে জব্দ কৰা হৈছে হেৰ’ইন ভৰ্তি ১৬ টা চাবোনৰ বাকচ।

ইয়াৰ উপৰি অভিযানকাৰী দলে AS -02U-2363 নম্বৰৰ এখন স্কুটিও  কৰিছে জব্দ ।

জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে ধৃত মজিবুৰৰ ঘৰত তেওঁৰ এগৰাকী সহযোগীয়ে হেৰ’ইনখিনি ডিমাপুৰৰ আনি থৈ যোৱা বুলি মজিবুৰে প্ৰকাশ কৰিছে।

ফলত অভিযানকাৰী দলে মজিবুৰৰ সহযোগীজনৰ সন্ধানতো অব্যাহত ৰাখিছে অভিযান।

Leave a Comment