SP, ASP আৰু OCৰ পাছত এইবাৰ ধূলা থানাৰ তদন্তকাৰী বিষয়া আনোৱাৰ হুছেইনক নিলম্বন…

শুক্ৰবাৰে দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন কৰাৰ পাছতে এইবাৰ ধূলাথানাৰ তদন্তকাৰী বিষয়াক কৰা হৈছে নিলম্বন।

ধূলাথানাৰ তদন্তকাৰী বিষয়া (IO) আনোৱাৰ হুছেইনক নিলম্বন।

দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই ৰয়কো নিলম্বন কৰিছিল মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, আদিবাসী এগৰাকী বনকৰা ছোৱালীৰ মৃত্যু তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অৱমাননা কৰিছিল জিলাখনৰ আৰক্ষীয়ে।

যাৰ পৰিপেক্ষিতত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনক অৱস্থাত ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছিল।

SSBত কৰ্মৰত কৃষ্ণ কমল বৰুৱাৰ ঘৰত বনকৰা ছোৱালী হিচাপে থকা আদিবাসী কিশোৰী গৰাকীৰ আত্মহত্যাৰ কথাটো পৰিয়ালৰ লোকে মানি লব পৰা নাছিল। সেয়ে ১২ জুনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত ধূলা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ প্ৰকাশ পোৱাৰ পিছতে বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছিল।

উক্ত ঘটনাটোক লৈ ইতিমধ্যে তিনি জনীয়া SIT গঠন কৰা হৈছে।