পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল মাতৃ !

পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল মাতৃ !

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- মনৰ ইচ্ছা থাকিলে জীৱনত কৰিব নোৱাৰা কাম একোৱেই নাই ।

এই কথা যেন পুনৰবাৰ সঁচা প্ৰমাণিত কৰিলে এগৰাকী মাতৃয়ে ।

পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল মাতৃ ।

মহাৰাষ্ট্ৰৰ বাৰামতী নামৰ অঞ্চলৰ ৩৬ বছৰীয়া বেবী গুৰাভ নামৰ মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।

Maha: Mother-son duo from Baramati conquer SSC exams together

পুত্ৰ সদানন্দ গুৰাভৰ সৈতে পৰীক্ষাত একেলগে বহা মাতৃ গৰাকীৰ এনে সাফল্যত আনন্দিত হৈ পৰিছে বাৰামতী অঞ্চলৰ বাসিন্দা সকল ।

পৰীক্ষাত পুত্ৰ সদানন্দই ৭৩.২০ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে মাতৃ বেবী গুৰাভে লাভ কৰিছে ৬৪.৪০ শতাংশ নম্বৰ ।

এটা কাপোৰৰ কাৰখানাত কাম কৰা মহিলা গৰাকীয়ে ঘৰুৱা অসুবিধাৰ বাবে সময় মতে মেট্ৰিক পৰীক্ষাত বহিব পৰা নাছিল ।