Skip to toolbar
Mon. Sep 21st, 2020

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ধেমাজিত নৈৰ বুকুত বাহনসহ সন্ধানহীন হোৱা পিতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ ।

আজি পুৱা এছডিআৰএফ আৰু এনডিআৰএফৰ দলে প্ৰায় দুঘন্টাধৰি অভিযান চলোৱাৰ অন্তত উদ্ধাৰ হয় পিতৃ টংকেশ্বৰ কলিতা(৫৫) আৰু আৰু সৰু কন্যা পল্লবী কলিতা(১৬)ৰ মৃতদেহ ।

দুৰ্ঘটনাগ্ৰস্ত এলটো বাহনখনো উদ্ধাৰ কৰিছে অভিযানকাৰী দলে ।

ইপিনে এতিয়ালৈ সন্ধানহীন হৈ আছে চালকজন নিৰঞ্জন মাহাতো(৪০) ৷

 চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত গেলুৱা দলঙত বৃহস্পতিবাৰে পুৱা সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ পাছতে সন্ধানহীন হৈ আছিল পিতৃ-কন্যা আৰু চালক ।

বৃহস্পতিবাৰে বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ লখিমপুৰৰ পৰা ব্যক্তিগত বাহনেৰে চিলাপথাৰলৈ গৈছিল লখিমপুৰৰ টংকেশ্বৰ কলিতা নামৰ লোকজনৰ পৰিয়ালটো ।

কিন্তু ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায় তেওঁলোকৰ গাড়ীখন ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলুৱা দলঙৰ ৰেলিং ভাঙি নদীত পৰে তেওঁলোকৰ এএছ-০৭-২১৬৪ নম্বৰৰ বাহনখন ৷

নদীৰ তীব্ৰ বেগী পানীয়ে নিমিষতে উটুৱাই নিয়ে বাহনসহ যাত্ৰীসকলক ৷

সৌভাগ্যক্ৰমে গাড়ীৰ পৰা ওলাই প্ৰাণ ৰক্ষা পৰে মাতৃ সৰুমাই কলিতাৰ লগতে জ্যেষ্ঠ কন্যা ববিতা কলিতাৰ ৷

উল্লেখ্য যে, বাহনখনত আছিল টংকেশ্বৰ কলিতা(৫৫),পত্নী সৰুমাই কলিতা(৪০), কন্যা ববিতা ওৰফে কুকি কলিতা(২৫) আৰু পল্লবী কলিতা(১৬)।