SI ৰ পাছত এইবাৰ DSP! ১ লাখ টকা ‘উৎকােচ’ লৈ আৰক্ষীৰ জালত পৰিল ভুৱা আৰক্ষী বিষয়া

March 5, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কিছুদিন পূৰ্বে আৰক্ষীৰ খাকী পােছাক পৰিহিত এজন ভুৱা আৰক্ষী উপ-পৰিদৰ্শক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিল এজন ভুৱা উপ-আৰক্ষী অধীক্ষক (DSP)!

মহানগৰৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভুৱা আৰক্ষী বিষয়াজনক।

মহানগৰীৰ খনামুখৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অনুপ কুমাৰ দাস নামৰ ভুৱা বিষয়াজনক।

নিজকে ক্ৰাইম ব্ৰাঞ্চৰ ডিএছপি বুলি পৰিচয় দি ধন এখন জব্দকৃত কয়লাৰ গাড়ী মুকলি কৰাৰ নামত হাকিমউদ্দিন নামৰ এজন লোকৰ পৰা যােৱা ২৪ ডিচেম্বৰত ১ লাখ ৭০ হাজাৰ লৈছিল প্ৰৱঞ্চকজনে।

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ পাছতে প্ৰায় দুমাহ ধৰি আত্মগােপন কৰা অনুপক বুধবাৰে মহানগৰীৰ খনামুখৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

লগতে চাওকঃ

আৰক্ষীৰ জালত ‘আৰক্ষী’! গুৱাহাটীত বাইকসহ গ্ৰেপ্তাৰ ভুৱা আৰক্ষী উপ-পৰিদৰ্শক

এইবাৰ টোলগে’ট কেলেংকাৰি! ভুৱা ৰছীদেৰে ২.৮ কোটি সংগ্ৰহ কৰি আত্মসাৎ, আটক ৭

‘মই আজি সুখী’! ন্যায়ালয়ৰ পৰা ‘ইচ্ছামৃত্যু’ৰ অনুমতি লাভ কৰি ক’লে এগৰাকী মহিলাই

হাতত উদ্যত মাৰণাস্ত্ৰ লৈ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ মাস্ক পৰিহিত ডকাইতৰ, তাৰ পিছত…