বিজেপিৰ পৰা পদত্যাগ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে !

বিজেপিৰ পৰা পদত্যাগ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে !

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স– বিজেপিক বিদায় জনালে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ।

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজিপৰ সভাপতি ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।

দলীয় খাম খেয়ালিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰিও দিছপুৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ।

দিছপুৰৰ আশীৰ্বাদতে ৰাজ্যত চিণ্ডিকেট অব্যাহত আছে অভিযোগো উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে।

আনুষ্ঠানিকভাৱে বিজেপি এৰাৰ কথা ঘোষণা কৰিব ১৪ আৰু ১৫ জুলাইৰ ভিতৰত ।