এডাল সাপক বচাবলৈ গৈ তীব্ৰবেগী স্ক’ৰ্পিঅ’ই মহতিয়ালে দুখন বাইক, নিহত ৮

এডাল সাপক বচাবলৈ গৈ তীব্ৰবেগী স্ক’ৰ্পিঅ’ই মহতিয়ালে দুখন বাইক, নিহত ৮

July 27, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। এটা সাপক ৰক্ষাৰ বাবে সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন তীব্ৰবেগী স্ক’ৰ্পিঅ’ বাহনে খুন্দিয়ালে দুখনকৈ বাইকত।

থিতাতে নিহত হ’ল দুই শিশুকে ধৰি ৮ জন লােক।

এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল মধ্য প্ৰদেশৰ ছত্তৰপুৰ জিলাৰ পন্না ৰােডত।

জানিব পৰা মতে, উক্ত পথছােৱাৰে তীব্ৰ বেগত গৈ থকা স্ক’ৰ্পিঅ’ বাহনখনৰ পথত হঠাতে এডাল সাপ আহি পৰে।

হঠাতে অহা সাপডালক ৰক্ষা কৰিবলৈ গৈ গাড়ীখনে দুখন বাইকত খুন্দা মাৰে।

ইয়াৰ পাছতে পথৰ পৰা তললৈ নামি লুটি খাই পৰে।

দুৰ্ঘটনাটােত গাড়ীখনত থকা আটাইকেইজন ব্যক্তিৰ থিতাতে মৃত্যু ঘটে।

কমেও ৮ জন নিহত হয় এই দূৰ্ঘটনাত।

নিহতৰ ভিতৰত তিনিটা শিশু, দুগৰাকী মহিলাও আছে।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।