fbpx
ৰাষ্ট্ৰীয়অসমীয়া

SBI ৰ শাখাৰ পৰা চুৰি হ’ল ১১ কোটি টকাৰ খুচুৰা পইচা! তদন্তত নামিল CBI

নিউজ ডেস্ক। এশ, হাজাৰ নহয়, বেংকৰ পৰা চুৰি হ’ল প্ৰায় ১১ কোটি টকাৰ খুচুৰা পইচা!

এই আশ্বৰ্যজনক চুৰিকাণ্ড সংঘটিত হৈছে ৰাজস্থানৰ মেহেন্দিপুৰ বালাজীস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত।

এই ৰহস্যজনক চুৰি সন্দৰ্ভত বেংক কৰ্তৃপক্ষই দাখিল কৰা অভিযোগৰ পিছত আদালতৰ নিৰ্দেশমৰ্মে তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে।

p2 10

বেংকৰ হিচাপ অনুসৰি, বেংকত থাকিব লাগিছিল প্ৰায় ১৩ কোটি টকাৰ মুদ্ৰা। কিন্তু বেংকে গণনা কৰাত মাত্ৰ ২ কোটি টকাৰ মুদ্ৰাহে লাভ কৰে। তাৰ পিছতে হতচকিত হৈ পৰা বেংক কৰ্তৃপক্ষই আদালতৰ কাষ চাপে।

সংবাদ সংস্থা পিটিআইৰ মতে, ভুল হোৱা বুলি বেংকে কেইবাবাৰো মুদ্ৰাখিনি গণনা কৰে। আনকি মুদ্ৰাৰ গণনাৰ দায়িত্ব এটা ব্যক্তিগত কোম্পানীকো দিয়া হয়। কিন্তু তাৰ পিছতো বেংকৰ পৰা প্ৰায় ১১ কোটি টকাৰ মুদ্ৰা হৰলুকি হোৱাৰ ৰহস্যই এতিয়া আচৰিত কৰিছে সকলোকে।

p1 18

ইমান খিনি মুদ্ৰা কিদৰে চুৰি হ’ল বা ক’ত গ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। বেংক কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কাষ চপাত আদালতে কোনো পলম নকৰালৈ ৰহস্যঘন ঘটনাৰ তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক প্ৰদান কৰে।

জানিব পৰা মতে, চিবিআইয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাথমিক পৰ্যায়ত বেংক কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ প্ৰতিলিপি বিচাৰিছে।

ইফালে এই সমগ্ৰ ঘটনাই লাভ কৰিছে আন এক নতুন মোৰ।

p3 10

জয়পুৰৰ যিটো কোম্পানীক খুচুৰা পইচাসমূহ গণনা কৰাৰ কামত নিয়োজিত কৰা হৈছিল, সেই কোম্পানীটোৰ কৰ্মচাৰীসকল কোনো অজ্ঞাত লোকৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, কোম্পানীটোৰ কৰ্মচাৰীসকলক মুদ্ৰাৰ গণনা বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল কোনো অজ্ঞাত লোকে। চিবিআইয়ে এই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Back to top button