NEWS8 NorthEast

পবিতৰাত বানৰ সংহাৰঃ পবিতৰা অভয়াৰণ্যত উদ্ধাৰ এজনী গঁড়ৰ মৃতদেহ !

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৰাজ্যজুৰি অপৰিৱৰ্তিত বানৰ সংহাৰী ৰূপ ।

 ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে পবিতৰা অভয়াৰণ্য ।

বানত বুৰ গৈছে অভয়াৰণ্যখনৰ প্ৰায় ৯০ শতাংশ এলেকা ।

অভয়াৰণ্যখনৰ প্ৰায় ৯০ বানৰ কবলত পৰাত খাদ্য সংকটে দেখা দিছে গঁড়কে ধৰি আন আন বন্যজন্তুৰ৷

বানৰ ভয়াৱহতাৰ মাজতে সোমবাৰে পবিতৰা অভয়াৰণ্যত উদ্ধাৰ হয় এজনী গঁড়ৰ মৃতদেহ ।

পবিতৰা অভয়াৰণ্যৰ টুপলুং বন শিবিৰ এলেকাত উদ্ধাৰ হয় মৃত গঁড়জনী ।

বানত ডুবি গঁড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই ৷

বন বিভাগে মৃত গঁড়জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।