ৰিপ’ৰ্টঃ নিউজ ডেক্স। বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰণা মহামাৰীৰ সময়ত দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়তে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed MLA) ছয়গাঁৱৰ বামুণীগাঁওত উপস্থিত হৈ সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত বৃদ্ধা গৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহ পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকক বিভিন্ন ফল-মূল, বিস্কুট, ব্ৰেড, পনীয়, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে ক’ৰণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ডচেনিটাইজাৰ আদি বিতৰণ কৰে।
ইয়াৰ পিছতে বামুণীগাঁওস্থিত মহাত্মা গান্ধী আদৰ্শ হস্পিতালত উপস্থিত হয়। উল্লেখযোগ্য যে, উক্ত হস্পিতালখন কৰণা ৰোগী ৰখাৰ বাবে ১৯ খন বিচনাযুক্ত কোৱাৰাইন্টাই চেন্টাৰ হিচাপে তৈয়াৰ কৰি ৰখা হৈছে।
উক্ত হস্পিতালত উপস্থিত হৈ হস্পিতালৰ অধীক্ষক ডা: সোণেশ্বৰ দাসৰ সহযোগত হস্পিতালখনৰ ডাক্তৰ, নাৰ্চ, লেবৰেটৰী এছিছটেণ্ট আদি কৰি মুঠ ২৬ গৰাকী ব্যক্তিক বিভিন্ন ফল মূল, বিস্কুট, ব্ৰেড, পনীয়, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে কৰণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ডচেনিটাইজাৰ আদি বিতৰণ কৰাৰ উপৰিও ছয়গাঁও প্ৰেছ ক্লাৱৰ উন্নয়নৰ বাবে ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি ধীৰাজ দাস আৰু সম্পাদক ভগৱান দাসৰ হাতত এখন দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে।
ইয়াৰ পিছতে, ছয়গাঁৱৰ গোৱৰ্দ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ হস্পিতাল কতৃপক্ষক বিভিন্ন ফল মূল, বিস্কুট, ব্ৰেড, পনীয়, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে ক’ৰণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ডচেনিটাইজাৰ আদি বিতৰণ কৰে।