NEWS8 NorthEast

ডাঙৰ খবৰ ! কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ দেহত ধৰা পৰিছে কৰ’ণা…

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

এইবাৰ ৰাজ্যৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।

টুইটাৰযোগে নিজেই এই কথা সদৰি কৰিছে বিধায়ক গৰাকীয়ে ।

জানিব পৰা মতে ৰকিবুল হুছেইনৰ পত্নী আৰু ভতিজাকৰ দেহতো ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি বান বিধ্বস্ত একেলা পৰিদৰ্শন কৰিছি্ল বিধায়ক গৰাকীয়ে ।

যোৱা ৪ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলক কোভিড টেষ্ট কৰাৰ আহ্বান জনালে বিধায়কগৰাকীয়ে ।

Skip to toolbar