সীমান্তত উত্তেজনাৰ মাজতে ২৭ জুলাইত ভাৰতত পদাৰ্পন কৰিব ৬ খনকৈ ৰাফেল যুদ্ধ বিমান !

সীমান্তত উত্তেজনাৰ মাজতে ২৭ জুলাইত ভাৰতত পদাৰ্পন কৰিব ৬ খনকৈ ৰাফেল যুদ্ধ বিমান !

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- চীনৰ সৈতে সীমান্তত সংঘাতৰ মাজতে ভাৰতত পদাৰ্পন কৰিব ৰাফেল যুদ্ধ বিমান ।

২৭ জুলাইত ছয়খন ৰাফেল ফাইটাৰ জেট ভাৰতৰ আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ’ব।

ইতিমধ্যে ফ্ৰাঞ্চে ৰাফেল ফাইটাৰ জেটৰ সৈতে সংলগ্ন হ’বলগীয়া মিছাইল ভাৰতক অৰ্পন কৰিব বুলিও জানিব পৰা গৈছে ।

জানিব পৰা মতে ফ্ৰাঞ্চে ৰাফেলৰ সৈতে ভাৰতক মেটেঅ’ৰ আৰু এছ চি এ এল পি নামৰ দুবিধ বিধ্বংসী মিছাইলো যোগান ধৰিব ।

উল্লেখ্য যে, ভাৰতত ৰাফেল যুদ্ধ বিমানে সংযোজিত হোৱাৰ পাছতে ভাৰতীয় বায়ুসেনা বাহিনীৰ শক্তি বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে ।

বিশ্বৰ অত্যাধুনিক যুদ্ধ উৰাজাহাজ ৰাফেল । ক্ষীপ্ৰ গতিৰে যোৱা ৰাফেল সহজতে ৰাডাৰতো ধৰা নপৰে।

ৰাফেলত ইনফ্ৰা ৰেড চাৰ্ছ আৰু ট্ৰেকিং চিষ্টেম আছে ৰাফেলত ।