মৰ্মান্তিক ! পাঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা  ৮৬জনলৈ বৃদ্ধি…

মৰ্মান্তিক ! পাঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬জনলৈ বৃদ্ধি…

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- এক অতি ভয়ংকৰ তথা শোকাৱহ ঘটনা ।

পাঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি ।

Image

পাঞ্জাৱৰ অমৃতসৰ, গুৰদাসপুৰ আৰু তৰনতাৰণ বিষাক্ত সুৰা সেৱনৰ ফলত বহু লোকে এনেদৰে প্ৰাণ হেৰুৱাব লগা হৈছে ।

প্ৰথম অৱস্থাত ৫ জন লোকৰ মৃত্যু হৈছিল, কিন্তু বৰ্তমানলৈ ৮৬ জনলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা ।

পঞ্জাৱৰ তৰনতাৰণত ৬৩জন লোকে, অমৃতসৰত ১২জন আৰু গুৰদাসপুৰত ১১জন লোকৰ মৃত্যু হৈছে ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই ঘটনাৰ পাছত ৭জন আবকাৰী বিষয়া আৰু ৬জন আৰক্ষী কৰ্মীক নিলম্বন কৰাৰ নিৰ্দেশ দিছে ।

চৰকাৰে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ।

আনহাতে ঘটনাৰ সৈতে জড়িত ২৫ জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা বুধবাৰ অৰ্থাৎ ২৯জুলাইৰ নিশা সংঘটিত হৈছিল এই ধটনা ।