অসমৰ বন্যাৰ্তক সহায়ৰ আহ্বান জনালে প্ৰিয়ংকা চােপ্ৰা-স্বামী নিকে

অসমৰ বন্যাৰ্তক সহায়ৰ আহ্বান জনালে প্ৰিয়ংকা চােপ্ৰা-স্বামী নিকে

July 27, 2020 0 By NEWS DESK

নিউজ ডেস্ক। বলিউডৰ কেবাজনাে তাৰকাই অসমৰ শেহতীয়া প্ৰলয়ংকাৰী বানৰ পৰিপ্ৰেক্ষিতত দেশবাসীক সহায়ৰ বাবে আহ্বান জনাইছে।

এইবাৰ বলিউড-হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেচেডৰ প্ৰিয়ংকা চােপ্ৰা তথা স্বামী নিক জােনাচে অসমক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

স্বামী নিক জােনাছৰ সৈতে প্ৰিয়ংকা চােপ্ৰা

টুইটাৰত প্ৰিয়ংকাই অসমৰ বানপানীৰ ফলত উদ্ভৱ হােৱা পৰিস্থিতিৰ কথা উল্লেখ কৰিছে।

টুইট অনুসৰি, প্ৰিয়ংকা চােপ্ৰা তথা স্বামী নিক জােনাছে নিজেই বন্যাৰ্তক সহায় কৰাৰ লগতে সকলােকে এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আনকি উক্ত টুইটত অনলাইনযােগে অৰিহণা প্ৰদান কৰিবলৈ লিংক শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই।

প্ৰিয়ংকাই টুইটত কয়- যি সময়ত সমগ্ৰ বিশ্বই ক’ৰনা মহামাৰীৰ সৈতে যুঁজ দি আছে, তেনে সময়তে অসমৰ জনসাধাৰণে বানৰ সৈতেও মােকাবিলা কৰি আছে।

বিশ্ব বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্কতাে বানপানীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে।