উগ্ৰপন্থীৰ নৃশংসতাত মাউৰা হ’ল প্ৰণয়ৰ দুই শিশু কন্যা, শোকস্তব্ধ বজালী

উগ্ৰপন্থীৰ নৃশংসতাত মাউৰা হ’ল প্ৰণয়ৰ দুই শিশু কন্যা, শোকস্তব্ধ বজালী

July 31, 2020 0 By NEWS DESK

নিউজ ডেস্ক। মণিপুৰৰ চান্দেল জিলাত নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন আলফা (স্বা), MNPF তথা RPF ৰ যৌথ এম্বুছত শ্বহীদ হ’ল আছাম ৰাইফলছৰ ৩ জােৱান।

জােৱান ৩ জন হৈছেঃ প্ৰণয় কলিতা (অসম), ৰতন চালাম (মণিপুৰ) তথা মেতনা কন্যাক (নাগালেণ্ড)।

ইম্ফ’ল বিমানবন্দৰত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই আক্ৰমণৰ ঘটনা গৰিহণা দিয়াৰ লগতে শ্বহীদ জােৱানসকলৰ পৰিয়ালক সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি টুইটাৰত মন্তব্য কৰে।

শ্বহীদৰ মৃতদেহ স্ব-গৃহলৈ প্ৰেৰণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ইম্ফ’ল বিমানবন্দৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে উক্ত ঘটনাটােত শ্বহীদ জােৱান ৩ জনৰ এজন হৈছে অসমৰ বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত পাঠশালাৰ হালগিৰিঘাটৰ বাসিন্দা প্ৰণয় কলিতা(৩৫)।

শ্বহীদ প্ৰণয় কলিতা

এই অনাকাংক্ষিত বতৰাই শোকস্তব্ধ কৰি তুলিছে বজালীবাসীকাে।

উগ্ৰপন্থীৰ নৃশংসতাত হঠাৎ মাউৰা হৈ পৰিল প্ৰণয়ৰ দুজনি শিশুকন্যা।

অকালতে বৈধৱ্যক আঁকোৱালি ল’লে পত্নীয়ে।

উল্লেখ্য যে চলিত বছৰৰ জানুৱাৰী মাহৰ পৰাই কৰ্তব্যৰ তাগিদাত পৰিয়ালৰ পৰা আঁতৰি থকা প্ৰণয়ৰ মৃতদেহ এতিয়া জাতীয় পতাকাৰে গা ঢাকিহে আপোনজনৰ কাষলৈ উভতি আহিল।

বৰঝাৰ বিমানবন্দৰ প্ৰণয়ৰ মৃতদেহ

উল্লেখ্য যে ২০১১ চনত জুমি কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

উল্লেখ্য যে ২০১১ ফেব্ৰুৱাৰীত ডিমাপুৰত চাৰি নম্বৰ আছাম ৰাইফলছত যোগদান কৰা পৰণয় আছিল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হৰিপ্ৰসাদ কলিতা আৰু কল্যাণী কলিতাৰ চাৰি সন্তানৰ তৃতীয়।

বৃহৎ অঞ্চলটোত মুন্না নামেৰে পৰিচিত প্ৰণয় এজন প্ৰতিভাৱান খেলুৱৈ আছিল ।

টাইকোৱনড’ৰ ব্লেক বেল্ট অৰ্জন কৰাৰ উপৰি তেওঁ ক্ৰিকেট খেলতো দক্ষ আছিল।

pranay kalita