ডকাইতৰ নতুন ৰূপ! PPE কিট্ পিন্ধি অলংকাৰ বিপণীৰ পৰা লুটি নিলে সােণ

ডকাইতৰ নতুন ৰূপ! PPE কিট্ পিন্ধি অলংকাৰ বিপণীৰ পৰা লুটি নিলে সােণ

July 8, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। ডকাইতৰ নতুন ৰূপ! ক’ৰনা কালত নতুন ৰূপত সংঘটিত কৰিছে লুটপাটৰ ঘটনা।

এইবাৰ স্বাস্থ্যকৰ্মী-চিকিৎসকৰ দৰেই পিপিই কিট্ পিন্ধিছে দুৰ্ধৰ্ষ ডকাইতে।

সংঘটিত কৰিছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

এনে এক ঘটনা পােহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ ছাটাৰাত।

জানিব পৰা মতে, ছাটাৰা জিলাত থকা এখন অলংকাৰৰ বিপণীত পিপিই কিট্ পৰিধান কৰি প্ৰৱেশ কৰে এটা ডকাইতল দল।

বিপণীখনৰ পৰা ৭৮੦ গ্ৰাম সােণ কৌশলেৰে লুটি নিয়ে দলটােৱে।

বিপণীখনত চিচি টিভি কেমেৰাত এই ঘটনা আবদ্ধ হৈছিল যদিও পিপিই কিট পৰিধান কৰা বাবে ডকাইতক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ লগতে দেশৰ একাধিক ৰাজ্যত দুৰ্বৃত্তই ক’ৰনাৰ অজুহাতত পিপিই কিট পিন্ধি নানা ধৰণৰ বেআইনী কামত জড়িত হৈছে।