Fri. Jan 15th, 2021

ৰিপ’ৰ্টঃ আৰিফ আহমেদ। কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰী চলি আছে লক ডাউন ৷ লক ডাউন চলি থকাৰ সময়তে তামুলপুৰ মহকুমাৰ অন্তৰ্গত পঠালিকুছিৰ মহেশ কলিতাৰ পৰিয়ালৰ মাজলৈ নামি আহিছে ঘোৰ অমানিশা।

এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক পঠালিকুছি গাঁৱৰ মহেশ কলিতাই যোৱা ২৯ ফেব্ৰুৱাৰী সন্ধিয়া টিউচন কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত ঘৰৰ সমীপত ৰঙিয়া-ভূটান ঘাইপথত অচিনাকি বাহনে খুন্দিয়াই থৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহায়ত মহেশ কলিতাক গুৱাহাটীৰ স্বাগত হাস্পাতলত ভৰ্তি কৰায় যদিও বিগত দুমাহ ধৰি জীৱন মৃত্যুৰে যুঁঁজি চিকিৎসালয়ৰ ICU ত আছে মহেশ কলিতা।

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Monday, May 4, 2020

ইপিনে, বিগত তিনি বছৰ ধৰি  তেওঁ শিক্ষকতা কৰা দ্বাৰকুছি আদৰ্শ বিদ্যা নিকেটনৰ সপ্তম শ্ৰেণীত অধ্যয়ণৰত একমাত্ৰ পুত্ৰ মৃণন্ম কলিতা (১২) বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। GMCH ত চিকিৎসাধীন হৈ থকা পুত্ৰৰ বাওঁ ফালৰ বৃক্কটো অচল হৈ পৰাত চিকিৎসকে শীঘ্ৰেই অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিছিল  মহেশ কলিতাক ৷

কিন্তু ব্যক্তিগত বিদ্যালয়ত চাকৰি কৰা মহেশ কলিতাই একমাত্ৰ সন্তানৰ চিকিৎসাৰ বাবে ধন বিচাৰি হাবাথুৰী খাইছিল ৷ উপায়ন্তৰ হৈ নিজৰ যি অলপ স্থাৱৰ- অস্থাৱৰ সম্পত্তি আছিল তাকে বিক্ৰী কৰি পুত্ৰৰ চিকিৎসাৰ বাবে  ধন গোটাইছিল।

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Monday, May 4, 2020

কিন্তু পুত্ৰক চিকিৎসালয়ত ভৰ্তী কৰাৰ আগতেই নিজেই দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত মৃত্যুৰ সতে যুঁজি থকাত পুত্ৰৰ নামত সাচি ৰখা ধন নিজৰ চিকিৎসাত খৰচ হৈ যায় ৷

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Monday, May 4, 2020

আনহাতে দীৰ্ঘদিন ধৰি চিকিৎসালয়ত থকা মহেশ কলিতাৰ  চিকিৎসাৰ খৰছ বাঢ়ি যোৱাত উৱাদিহ হেৰুৱাইছে তেওঁৰ বৃদ্ধা মাতৃ তথা দুই কন্যা সন্তান ৷ ইফালে পিতৃৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ, ভাতৃৰো বৃক্কৰ জটিল ৰোগত আক্ৰান্ত, আনফালে লক ডাউনৰ ফলত খাদ্য সংকটত ভোগা  পৰিয়ালটো দুখ কুলাই-পাচিয়ে নধৰা হৈছে ৷

সম্প্ৰতি পিতৃ তথা ভাতৃক চিকিৎসাৰ বাবে বুজন পৰিমানৰ অৰ্থৰ প্ৰয়োজৱ হোৱাত  পৰিয়ালটোৰ  বৃদ্ধ মাতৃ, জীয়ৰী তথা ভৱিষ্যতে ভালদৰে পঢ়াশুনা কৰি ভাল মানুহ হৈ পিতৃ মাতৃক সুখত ৰখাৰ সপোন দেখা  বৃক্কৰ ৰোগত ভূগি থকা মৃন্ময়ে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ সুহৃদয় লোকৰ পৰা বিচাৰিছে আৰ্থিৰ সহায় ৷

Bank Details- Name-Mahesh Kalita
Acc No- 389802010003605
IFSC – UBIN0538981