যুৱ প্ৰজন্মক এখন বিশেষ গ্ৰন্থ পঢ়িবলৈ আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ

যুৱ প্ৰজন্মক এখন বিশেষ গ্ৰন্থ পঢ়িবলৈ আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ

July 17, 2020 0 By NEWS DESK

নেচনেল ডেস্ক। বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক এখন বিশেষ গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।

গ্ৰন্থ খন হল তামিল পৌৰাণিক গ্ৰন্থ তিৰোক্কুৰাল (Tirukkural)।

টুইটাৰত মোদীয়ে ইংৰাজী আৰু তামিল ভাষাত টুইট কৰি যুৱ প্ৰজন্মক অধ্যয়নৰ আহ্বান জনায়।

মোদীয়ে কয় তিৰোক্কুৰাল এখন অতি উচ্চ মান বিশিষ্ট গ্ৰন্থ, যাৰ দ্বাৰা যুৱ প্ৰজন্মই উচ্চ চিন্তা-ধাৰণা লৈ জীৱনত আগুৱাই যাব পাৰিব।

আশা আৰু পোহৰ বিলাব পৰা এই গ্ৰন্থ সকলো যুৱ প্ৰজন্ম ই পঢ়িব বুলি মই ভাবো।

গ্ৰন্থ খনৰ ইংৰাজী অনুবাদৰ গ্ৰন্থ খনৰ নাম হ’ল Sacred Verses। ইয়াৰ ৰচনা আৰু প্ৰকাশ কাল ১৮৪০। এই গ্ৰন্থত ১৩৩০ টা সৰু সৰু অধ্যায় আছে, আৰু প্ৰতি ৭ টা শব্দক জনা যায় কুৰাল (Kural) হিচাপে।

এই গ্ৰন্থ খনক ৩ ট খণ্ডত ভাগ কৰা হৈছে। প্ৰথম খণ্ডটো হল ধৰ্ম। যিয়ে নৈতিকতা আৰু ব্যক্তিৰ জ্ঞান দিছে। দ্বিতীয় খণ্ডটো হল ৰাজনীতি। য’ত সমাজৰ আৰ্থ-সামাজিক দিশটো আলোচনা কৰিছে। আৰু তৃতীয় খণ্ডটো হল প্ৰেম। অৰ্থাৎ প্ৰেমৰ সাৰ্বজনীনতা।

এই গ্ৰন্থখন প্ৰায় ৪০ টা ভাষাত অনুবাদ হৈছে।

উল্লেখ্য যে মোদীয়ে ভাৰত চীন সীমান্তৰ লাডাখত অলপতে উপস্থিত হৈ সেনা বাহিনীক এই গ্ৰন্থৰ এটা অধ্যায় বৰ্ণনা কৰিছিল।