নৱেম্বৰলৈ ৮০কোটিৰো অধিক লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন !

নৱেম্বৰলৈ ৮০কোটিৰো অধিক লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন !

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।

প্ৰধানমন্ত্ৰীয়ে কয়- ১জুলাইৰ পৰা দেশত আৰম্ভ আনলক-২ । এই সময়ত দেশবাসীক অধিক সাৱধান হৈ থকাটো প্ৰয়োজন ।

Image

প্ৰধানমন্ত্ৰীয়ে লগতে কয়- ৮০ কোটিতকৈ অধিক লোকক ৩মাহৰ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব ৰেচন ।

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন আচঁনিৰ যোগেদি আগন্তুক নৱেম্বৰ মাহলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰা হব।

প্ৰধানমন্ত্ৰীয়ে কয়- ‘বৰ্ষাকালত আমাৰ দেশত কৃষিকৰ্ম অধিক হয়। আৰু জুলাইৰ পিছত এটাৰ পিছত আনটো উৎসৱ আহে। এই সকলোৰে প্ৰতি লক্ষ্য ৰাখি দীপাৱলী আৰু ষটপূজা পৰ্যন্ত আমি অন্ন যোজনা চলাই নিম ।’

Image

 এই বিনামূলীয়া ৰেচন যোগানৰ বাবে প্ৰায় ১৫০কোটি টকা ব্যয় হব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ।

ইপিনে মোদীয়ে দেশত ‘এক দেশ এক ৰেছন কাৰ্ড’ শীঘ্ৰে আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয়- ‘সমগ্ৰ দেশৰ বাবে হ’ব এখনেই ৰেছন কাৰ্ড ।’