NEWS8 NorthEast

আজি বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে !

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে আজি পুনৰ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

দেশত ভয়াৱহভাৱে বৃদ্ধি হোৱা কৰ’ণাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত থকা সংঘাতৰ দৰে বিষয়ক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ।

ইপিনে ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণা কৰিব পাৰে ।