এইবাৰ পােহনীয়া মেকুৰীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ অৱস্থিতি!

এইবাৰ পােহনীয়া মেকুৰীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ অৱস্থিতি!

July 27, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। ক’ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণত বিপৰ্যস্ত মানুহৰ বাবে আন এটা বেয়া খবৰ!

পােহনীয়া জন্তুৰ দেহতাে বিয়পিব পাৰে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ।

এই কথা প্ৰমাণ হৈছে এক শেহতীয়া পৰীক্ষাত।

মানৱ দেহৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে এই ভাইৰাছ ধৰা পৰিছে ঘৰচীয়া জন্তুৰ দেহত।

ইংলেণ্ডৰ এজন ব্যক্তিৰ এটা ঘৰচীয়া মেকুৰীৰ দেহত ধৰা পৰিছে এই ভাইৰাছ।

ইংলেণ্ডৰ মুখ্য পশু চিকিৎসা বিষয়াই জনাইছে এই কথা।

দেশখনৰ এইটোৱেই হৈছে জন্তুৰ দেহত ধৰা পৰা প্ৰথমটো ঘটনা।

২২ জুলাইত ৱেব্ৰিজৰ Animal and Plant Health Agency (APHA) লেৱৰেটৰীত কৰা পৰীক্ষাত ধৰা পৰে এই কথা।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ এখন চিৰিয়াখানাত সিংহৰ দেহতাে ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল।