আচৰিত! চ’ফাত বহি টিভি চাই পেৰাগ্লাইডিং ব্যক্তিৰ, ভিডিঅ’ ভাইৰেল

আচৰিত! চ’ফাত বহি টিভি চাই পেৰাগ্লাইডিং ব্যক্তিৰ, ভিডিঅ’ ভাইৰেল

July 6, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। আপুনি নিশ্চয়কৈ নিজে নাইবা ভিডিঅ’ মাধ্যমত পেৰাগ্লাইডিং কৰা দেখিছে।

পেলাগ্লাডিঙৰ সৈতে জড়িত বহু ভাইৰেল ভিডিঅ’ও হয়তাে দেখিছে।

কিন্তু চ’ফাত বহি টিভি চাই পেৰাগ্লাইডিং কৰা দেখিছেনে?

আচৰিত যেন লাগিলেও কিন্তু এইয়া সঁচা। তেনে এক ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সমিজিক মাধ্যমত।

তুৰ্কীৰ হাছান কাৱাল নামৰ পেছাদাৰী পেৰা গ্লাইদাৰ জনৰ মুঠ ৪.২৫ মিনিটৰ ভিডিঅ’টোৱে এতিয়া সকলোকে আকৰ্ষণ কৰিছে।

পেৰাগ্লাইদাৰজনে ভাবিলে যে পেৰাগ্লাইডিঙৰ সময়ৰ টিভি চাব নোৱাৰি নেকি ?

সেই চিন্তা কৰি তেওঁ সাজি উলিয়ালে এই নতুন উদ্ভাৱন।

তেওঁ চ’ফা খনৰ লগত সংযোগ কৰি ল’লে এটা টিভি।

তাৰ পিছতেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰে।

উল্লেখ্য যে হাছান কাৱালে সামাজিক মাধ্যমত তেওঁৰ ভিডিঅ’টো আপলোড কৰাৰ আগতেই কোনো লোকে আপলোড কৰি বিয়পাই দিয়ে ভিডিঅটো।

ভিডিঅ’টোত মন্তব্য দি এজন ব্যক্তিয়ে কয় যে কোনোবাই যদি আমাক এতিয়া পেৰা গ্লাইডিংৰ সহজ উপায় কি সোধে, নিশ্চয়কৈ আমাৰ উত্তৰ থাকিব।