পাকিস্তান ষ্টক এক্সেঞ্জত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ ! ৪ সন্ত্ৰাসবাদীসহ ৯জন নিহত…

পাকিস্তান ষ্টক এক্সেঞ্জত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ ! ৪ সন্ত্ৰাসবাদীসহ ৯জন নিহত…

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- পাকিস্তানৰ ষ্টক এক্সেঞ্জত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ ।

ভয়াৱহ আক্ৰমণত কেবাজনো লোকৰ প্ৰাণ হানি হোৱাৰ লগতে ৪ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । 

সোমবাৰে পুৱাৰ ভাগতে এই আক্ৰমণ সংঘটিত কৰা ৪ সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দি গুলীয়াই হত্যা কৰে আৰক্ষীয়ে ।

6 Killed In Attack On Pak Stock Exchange In Karachi, 4 Gunmen Shot ...

ছিলভাৰ ৰঙৰ এখন কৰলা বাহনত অহা সন্ত্ৰাসবাদীৰ দলটোৱে বন্দুক আৰু গ্ৰেণেডেৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

নিউজ এজেঞ্চী IANSৰ অনুসৰি প্ৰাথমিক তদন্তত কোৱা হৈছে যে ৪ আক্ৰমণকাৰী গাড়ীৰে তাত উপস্থিত হয় আৰু গ্ৰেণেড নিক্ষেপ কৰে আৰু তাৰ পিছত সন্ত্ৰাসবাদীকেইটাই অট্টালিকাটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলায়।

ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু পাকিস্তানী ৰেঞ্জাছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ৪ সন্ত্ৰাসবাদীকে হত্যা কৰে।

Gunmen kill 6 in attack on Pakistan Stock Exchange in Karachi

আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত কোনো সন্ত্ৰাসবাদী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই।

বৰ্তমান সময়ত পাকিস্তান ষ্টক এক্সেঞ্জত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।