Mon. Nov 23rd, 2020

নিউজ ডেস্ক। দেশৰ শীৰ্ষ প্ৰশাসনিক পৰীক্ষাসমূহত ব্যয়বহুল ক’চিং অবিহনে সাফল্য লাভ কৰাটাে অসম্ভৱ নহয়।

আৰ্থিক অনাটনৰ মাজেৰে নিজেই এই কথা প্ৰমাণ কৰি দেখুওৱা এজন ভাৰতীয় আৰক্ষী সেৱা (IPS) বিষয়াই বিগত দুবছৰৰ পৰা নিজে কৰ্তব্যৰত জিলাখনৰ যুৱক-যুৱতীক বিনামূলীয়াকৈ প্ৰদান কৰিছে ক’চিং।

এই IPS বিষয়াগৰাকীৰ নাম হৈছে সন্দীপ চৌধুৰী।

সম্প্ৰতি তেওঁ সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এছ এছ পি হিচাপে নিয়োজিত হৈ আছে।

নিজৰ দৈনন্দিন কৰ্মব্যস্ততাৰ মজতো প্ৰতিদিনে এইজন বিষয়াই দুঘণ্টা সময় ছাত্ৰ-ছাত্ৰীক বিনামূল্যে পাঠদান কৰে।

বৰ্তমানে এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় প্ৰসাসনিক সেৱাৰ পৰীক্ষাৰ বাবে চৌধুৰীৰ অধিনত বিনামূলীয়াকৈ ক’চিং গ্ৰহণ কৰি আছে।

২০১৮ ত চৌধুৰীয়ে OPEARATION DREAMS (অপাৰেশ্যন ড্ৰীমছ্) নামৰে বিনামূলীয়া ক’চিং প্ৰদানৰ অভিযান আৰম্ভ কৰিছিল।

ইয়াৰ জৰিয়তে তেওঁ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় শিক্ষা বিনামূল্যে আগবঢ়াইছে।

কেৱল শিক্ষাদানেই নহয়, তেওঁ ব্যক্তিত্ব বিকাশ তথা বিভিন্ন বাধাৰ সৈতে মােকাবিলা কৰিবলৈও সাহস দিছে ছাত্ৰ-ছাত্ৰীক।

উল্লেখ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) বাবে নিৰ্বাচিত হ’বলৈ চৌধুৰীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল।

২০০৪ত চৌধুৰীৰ পিতৃৰ হৃদৰোগত মৃত্যু হৈছিল আৰু ইয়াৰ পাছৰে পৰা চৌধুৰীয়ে আন ছাত্ৰ-ছাত্ৰীক টিউশ্যন কৰি ধন উপাৰ্জন কৰি নিজেও উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হৈছিল।

পাছত চৌধুৰীয়ে প’ষ্ট অফিচত কেৰাণীৰ চাকৰীত যোগদান কৰিছিল।

ইয়াৰ পাছত পাব্লিক এডমিনিষ্ট্ৰেছন বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে প্ৰথম প্ৰয়াসতে ইউ জি চি-নেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

চৌধুৰীয়ে বেংকৰ পিঅ’, বি এই এফৰ এছিছটেণ্ট কমাণ্ডেণ্ট, এছ এছ চি, নাবাৰ্ডসহ বহু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰি অৱশেষত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰথম প্ৰয়াসতে তেওঁ ভাৰতীয় আৰক্ষী সেৱাত নিৰ্বাচিত হৈছিল।