Fri. Jan 15th, 2021

হোমেন বৰ্মন। ক’ৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবৎ কৰিছে ল’কডাউন ৷ ল’ক ডাউনৰ বাবেই এতিয়া বন্ধ হৈ আছে স্কুল-কলেজ, দোকান-পোহাৰ সকলো ৷ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ ল’ক ডাউনৰ সম্পৰ্কেও ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ১৭ মে’ লৈকে বঢ়াই দিয়া হৈছে ল’ক ডাউনৰ সময় সীমা ৷

BISWANATH

BISWANATH

Posted by NEWS8 Northeast on Sunday, May 3, 2020

কিন্তু ইয়াৰ মাজতেই খেলুৱৈ সকল যাতে সবল হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিতৰতে আগশাৰীৰ বিশ্বনাথৰ চেমপিয়নচ মেকাৰ একাডেমিয়ে আয়োজন কৰিছে সদৌ অসম ভিত্তিত ফিটনেচ চেলেঞ্জ প্ৰতিযোগীতা ৷

প্ৰতিদিনেই নতুন নতুন চেলেঞ্জ দি খেলুৱৈ সকলৰ সক্ষমতাৰ ওপৰত এই প্ৰতিযোগীতা আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে চেম্পিয়নচ মেকাৰ একাডেমিৰ সঞ্চালক তথা বিশিষ্ট সমৰ কলাবিদ হৃদয়ানন্দ দাসে ৷

BISWANATH

BISWANATH

Posted by NEWS8 Northeast on Sunday, May 3, 2020

খেলুৱৈ সকলক প্ৰতিদিনে প্ৰদান কৰা হয় নতুন নতুন  প্ৰত্যাহ্বান আৰু নিজৰ ঘৰতে থাকি খেলুৱৈ সকলেও সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি ভিডিঅ’ প্ৰেৰণৰ যোগেদি অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগীতাত ৷

BISWANATH

BISWANATH

Posted by NEWS8 Northeast on Sunday, May 3, 2020

পূৰ্বে খেলুৱৈ সকলে ১ পৰা ১.৩০ ঘন্টা অনুশীলন কৰিছিল যদিও প্ৰতিযোগীতাত টিকি থাকিবলৈ ২ ৰ পৰা ৩ ঘন্টা যুজি ভিডিঅ’ প্ৰস্তুত কৰে বাবেই খেলুৱৈ সকলৰ সবলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওলোক সফল হৈছে বুলি উল্লেখ কৰে হৃদয়ানন্দ দাসে ৷

BISWANATH

BISWANATH

Posted by NEWS8 Northeast on Sunday, May 3, 2020

২৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগীতাত হোৱাটছএপৰ জৰিয়তে ৰাজ্যৰ দুশৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ দুশ প্ৰতিযোগীৰ মাজৰ পৰা বিচাৰকে ইতিমধ্যে নিৰ্বাচন কৰিছে শ্ৰেষ্ঠ দহজন প্ৰতিযোগী ৷

বিজয়ী প্ৰতিযোগী সকল ক্ৰমে প্ৰথম তৃষ্ণা দেৱী শেনচোৱা (লক্ষীমপুৰ), দ্বিতীয় লীনা কলিতা (কামৰূপ), তৃতীয় চনম লামা (বিশ্বনাথ), চতুৰ্থ জিজ্ঞাসা নয়নী বৰা (শোণিতপুৰ), পঞ্চম গীতা দৰ্জী (কামৰূপ), ষষ্ঠ ভূমিস্থা দাস (বিশ্বনাথ), সপ্তম মন্দীপ বৰুৱা (বিশ্বনাথ), অষ্টম বৰ্ণীল ফুকন (বিশ্বনাথ), সুদিপ্ত নয়ন বৰা (বিশ্বনাথ)।

BISWANATH

BISWANATH

Posted by NEWS8 Northeast on Sunday, May 3, 2020

লগতে ৪০ বছৰ বয়সৰ গ্ৰুপত প্ৰথম অপূৰ্ব দাস (কামৰূপ), ৫০ বছৰৰ বয়সৰ গ্ৰুপত হিমাংশু পাঠক (বাকসা্) আৰু ৫০ বছৰ গ্ৰুপৰ ওপৰত বিদ্যুত কুমাৰ বৰা (শোনিতপুৰ)।

সদৌ অসম টাইকোৱাডো সন্থাৰ চি ই অ ভাস্কৰ ৰঞ্জন দাসৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা প্ৰতিযোগীতাখনৰ বিচাৰক হিচাবে আছে ভাৰতীয় ক্ৰিয়া প্ৰাধিকৰণৰ টাইকোৱানডো প্ৰশিক্ষক দৰ্শনজীতা ভৰালী, টাইকোৱানডোৰ আন্তৰাষ্ট্ৰীয় বিচাৰক তথা সুদক্ষ সমৰ কলাবিদ লাচিত বসুমতাৰী আৰু অসমৰ সুদক্ষ সমৰ কলাবিদ ইন্দ্ৰ গোহাঁই ৷

আনহাতে চৰকাৰেই হওঁক অথবা আন আন ক্ৰিড়া সংগঠন সমূহেই হওঁক চেম্পিয়নচ মেকাৰ একাডেমীৰ দৰে বিভিন্ন ক্ৰিড়াৰ খেলুৱৈ সকলক এনেদৰে অনলাইনযোগে প্ৰত্যাহবান দি সবল কৰি ৰখাটো অতি জৰুৰী হৈ পৰিছে যিহেতু ল’ক ডাউনৰ সময়সীমা বাঢ়ি গৈ থকাৰ সমান্তৰালকৈ খেলুৱৈ সকলো নিজ নিজ ঘৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈছে ৷

অনাগত দিনত  খেলুৱৈ সকলে ৰাজ্যৰ লগতে দেশলৈ  গৌৰৱ কঢ়িয়াই আনিবলৈ হলে খেলুৱৈ সকল সবল আৰু সক্ষম হৈ থকাটো এতিয়া হৈ পৰিছে অতি জৰুৰী ৷ ইফালে খেলুৱৈ সকলৰ কথা চিন্তা কৰি চেম্পিয়নচ মেকাৰ একাডেমীয়ে গ্ৰহণ কৰা এই পদক্ষেপক ৰাজ্যৰ ক্ৰিড়াবিদ সকলে সলাগ লৈছে ৷