ডাঙৰ খবৰ ! ৰাজ্যত মাৰাত্মক কৰ’ণাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু…

ডাঙৰ খবৰ ! ৰাজ্যত মাৰাত্মক কৰ’ণাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু…

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ আন এগৰাকী লোকৰ মৃত্যু হৈছে ।

মৃত লোকজনৰ নাম দিলীপ তালুকদাৰ ।

৫০ বছৰীয়া লোকজনৰ ঘৰ গুৱাহাটীৰ ফটাশিল আমবাৰীত ।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লোকজনৰ ।

এইপৰ্যন্ত ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১২জন লোকৰ ।

টুইটাৰযোগে এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।