OIL-ত চাকৰি দিম বুলি লাখ-লাখ টকা হজম কৰা প্ৰৱঞ্চকক ৰাজপথত আঁঠু কঢ়ালে ৰাইজে…

ৰাইজৰ ৰোষত পৰিল এগৰাকী প্ৰৱঞ্চক।

OIL-ত চাকৰি দিম বুলি বহু নিবনুৱাৰ পৰা লাখ-লাখ টকা হজম কৰা প্ৰৱঞ্চকক ৰাজপথত আঁঠু কঢ়ালে ৰাইজে।

অভিযোগ মতে বিবেক পাঠক নামৰ লোকজনে নুনমাটি শোধনাগাত কৰৰ্মৰত বুলি নিজকে পৰিচয় দি আহিছিল।

আনকি লোকজনে বিভিন্ন সময়ত অইলত চাকৰি দিয়াৰ নামত ১ৰ পৰা ৫লাখ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰে একোজন প্ৰাথীৰ পৰা৷

বহু সময়ত ভূৱা প্ৰশ্নকাকত উলিয়াই OILৰ ভুৱা পৰীক্ষাও অনুষ্ঠিত কৰে বুলি অভিযোগ উঠিছে এইজন মহাপ্ৰবঞ্চক বিবেক পাঠকে৷

পিছে শনিবাৰে দিন বেয়া আছিল বিবেক পাঠকৰ৷

ছয়মাইলত এগৰাকী প্ৰাৰ্থীৰ ইণ্টাৰভিউ ল’বলৈ আহি ৰুক্মিণীগাঁৱত ৰাইজৰ ৰোষত পৰিল বিবেক পাঠক৷

একাংশ ভুক্তভোগীয়ে কৰায়ত্ত কৰি ৰাজপথতে আঁঠু কঢ়াই জবাবদিহি কৰাৰ লগতে আৰক্ষীৰ হাতত গতাই দিয়ে প্ৰবঞ্চক বিবেক পাঠকক৷

অভিযুক্ত বিবেক পাঠকৰ মতে তেওঁ ৰিমা দাস আৰু বুবুল দাস নামৰ দুজন লোকৰ নিৰ্দেশতহে এনেদৰে টকা সংগ্ৰহ কৰি আহিছিল বিভিন্নজনৰ পৰা৷

সম্প্ৰতি দিছপুৰ থানাত বিবেক পাঠকক সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Comment