OCৰ বিৰুদ্ধে সংবাদ মেল পাতি বিপদত কনিষ্টবল, প্ৰেমধৰ নৰহক ৰিজাৰ্ভ ক্ল’জ…

OCৰ বিৰুদ্ধে সংবাদ মেল পাতি বিপদত এগৰাকী আৰক্ষী কনিষ্টবল।

লখিমপুৰত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদ মেল অনুষ্ঠিত কৰি ঊৰ্ধ্বৰ্তন আৰক্ষীৰ ৰোষত পৰিল বিহপুৰীয়া থানাৰ কনিষ্টবল প্ৰেমধৰ নৰহ৷

মঙলবাৰে প্ৰেমধৰ নৰহক কৰা হয় ৰিজাৰ্ভ ক্ল’জ।

উল্লেখ্য যে, সোমবাৰে বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ বিৰুদ্ধে একেখন থানাৰে কনিষ্টবল প্ৰেমধৰ নৰহে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত কৰি অভিযোগ কৰিছিল যে, তেওঁক অ’চি বৰাই সামান্য কথাতে থানাৰ কোঠাত আবদ্ধ কৰি গুৰুতৰভাৱে প্ৰহাৰ কৰে।

সংবাদ মেলত এই কথা মুকলিকৈ সদৰী কৰাৰ পাছত মঙলবাৰে নৰহক আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল’জ কৰে।

image 39
OCৰ বিৰুদ্ধে সংবাদ মেল পাতি বিপদত কনিষ্টবল, প্ৰেমধৰ নৰহক ৰিজাৰ্ভ ক্ল’জ... 2

ইফালে বিহপুৰীয়া থানাৰ বিষয়া উৎপল বৰাৰ শাস্তিৰ দাবী জনাই মিচিং ছাত্র সংগঠন টিএমপিকেৰ একাংশ সদস্যই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰক্ষী বিষয়া উৎপল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিহপুৰীয়া থানাৰ অ’চি উৎপল বৰাৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে সংগঠনটোৱে।

অন্যথা গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ছাত্র সংগঠনটোৱে।

Leave a Comment