সংঘৰ্ষত নিহত ৬ NSCN-IM কেডাৰ, জব্দ চীনত নিৰ্মিত মাৰণাস্ত্ৰ

সংঘৰ্ষত নিহত ৬ NSCN-IM কেডাৰ, জব্দ চীনত নিৰ্মিত মাৰণাস্ত্ৰ

July 11, 2020 0 By NEWS DESK

নিউজ ডেস্ক। শনিবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ খুনছাত সংঘটিত হয় এক সংঘৰ্ষৰ ঘটনা।

অৰুণাচল আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত নিহত হয় ৬ এনএছচিএন-আই এম কেডাৰ।

সংঘৰ্ষত এজন আছাম ৰাইফলছৰ জোৱান আহত হয়।

ঘটনাস্থলীত আৰক্ষীয়ে লাভ কৰে ৪ টা AK 47 ৰাইফলৰ লগতে দুটা চীনত নিৰ্মিত ৰাইফল।

অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ পি উপাধ্যায়ে কয় যে চােৰাং খবৰৰ ভিত্তিত আজি পুৱতি নিশা লংদিং জিলাৰ নিনো গাওঁত এক যুটীয়া অভিযান চলোৱা হয়।

৬ জন এনএছচিএন কেডাৰ নিহত হয় সংঘৰ্ষত।

পুৱতি নিশা প্ৰায় ৪:৩০ মান বজাত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীৰ পৰা বহুতো অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হয়।

এই সংঘৰ্ষত আহত জোৱানজনক বৰ্তমান চিকিৎসালয়ত ৰখা হৈছে।

উল্লেখ্য যে খুনছা অসমৰ তিনিচুকীয়া জিলাৰ পৰা ৫০ কিমি নিলগত।