fbpx
অসম

NRC ৰ প্ৰাক্তন সমন্বয়কৰ ভয়ংকৰ অভিযোগ! সমুজ্জ্বল ভট্টাচাৰ্যই মাহে ১৬ লাখ টকা লৈছিল প্ৰতীক হাজেলাৰ পৰা…

সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ভয়ংকৰ অভিযোগ।

পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে সমুজ্জ্বল ভট্টাচাৰ্যই লৈছিল ১৬ লাখকৈ টকা।

সামাজিক মাধ্যমত পোষ্ট কৰি এই অভিযোগ উত্থাপন কৰিছে হিতেশ দেৱ শৰ্মাই।

তেওঁ ফেচবুকত লিখিছে-‘আঢ়ৈ বছৰত বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো। বেছ দীঘলীয়া সময়। আছুৰ নেতৃত্ব‌ই মোক এবাৰো লগ নকৰিলে। অথচ ময়েই এন আৰ চিৰ সকলো কেলেংকাৰী ফাদিল কৰিছিলো। প্ৰতীক হাজেলা সমন্বয়ক থাকোতে প্ৰায়েই সন্ধিয়া সমুজ্বল ভট্টাচাৰ্যই এন আৰ চি কাৰ্যালয়লৈ গৈছিল। কিহৰ বাবে? বজাৰৰ খবৰ, সমুজ্বল ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাবে মাহে ১৬ লাখ টকা লৈছিল। সত‍্যাসত‍্য নাজানো। কেলেংকাৰীৰ তদন্ত হ’লে হয়তো গম পোৱা যাব। কিন্তু এটা কথা সত‍্য যে হাজেলাই এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল, সমুজ্বল ভট্টাচাৰ্যয়ো পৰিপুৰক তালিকা প্ৰকাশৰ আগলৈকে এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল। একে নাওঁৰ যাত্ৰী?’

image 66

Related Articles

Back to top button