আচৰিত ! মদ নাপাই ছেনিটাইজাৰ সেৱন কৰি মৃত্যুক সাৱটিলে ৯ জন লোকে…

আচৰিত ! মদ নাপাই ছেনিটাইজাৰ সেৱন কৰি মৃত্যুক সাৱটিলে ৯ জন লোকে…

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

কৰ’ণাৰ সংক্ৰমণৰ ৰোধৰ একমাত্ৰ উপায় হিচাপে দেশবাসীয়ে ব্যৱহাৰ কৰি আহিছে ছেনিটাইজাৰ ।

Image

কিন্তু এইবাৰ নিচা লগাবলৈ ছেনিটাইজাৰকে সেৱন কৰি কৰুণ মৃত্যুক সাৱটি ল’লে ৯ জন লোকে ।

৭০ৰ পৰা ৮০ শতাংশ এলক’হল যুক্ত ছেনিটাইজাৰ মদৰ দৰেই বুলি সেৱন কৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।

অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ কুৰিছেডু অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।

ছেনিটাইজাৰ সেৱন কৰি অসুস্থ হোৱাৰ পাছতে লোক কেইজনক ভাৰছিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

কিন্তু অৱশেষত মৃত্যু হয় লোক কেইজনৰ ।

doctor