অসুস্থ অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ কৰ’ণা পৰীক্ষা কৰাৰ নিৰ্দেশ NIAৰ বিশেষ আদালতৰ !

অসুস্থ অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ কৰ’ণা পৰীক্ষা কৰাৰ নিৰ্দেশ NIAৰ বিশেষ আদালতৰ !

July 8, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- হঠাৎ দ্ৰুত অৱনতি ঘটে কৃষক নেতা অখিল গগৈৰ ।

‘কা’ আন্দোলনৰ সময়ৰ পৰা বিগত প্ৰায় ২১০ দিন ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ সোমবাৰে পুনৰ অসুস্থ হৈ পৰে ।

কৃষক নেতাগৰাকী প্ৰচণ্ড জ্বৰ, কাঁহত আক্ৰান্ত হোৱাৰ লগতে দেখা গৈছিল মহামাৰী কৰ’ণাৰ প্ৰায়বোৰ লক্ষণ ।

ইয়াৰ পাছতে ৰাজ্যজুৰি বিভিন্ন সংগঠন তথা ব্যক্তিয়ে অখিল গগৈৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনাচৰ্তে মুকলি কৰিব লাগে বুলি দাবী উত্থাপন কৰে ।

অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল জ্বৰ, মূৰৰ বিষত আক্ৰান্ত হৈ আছে ৷

কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই কোনোধৰণৰ চিকিৎসা ব্যৱস্থা নকৰাৰ বাবে অধিবক্তাই চিকিৎসা বিচাৰি আবেদন জনায় NIAৰ বিশেষ আদালতত ৷

সেই অনুসৰি আদালতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালৰ শুনানি গ্ৰহণ কৰে যিদও অসুস্থতাৰ বাবে অখিল গগৈ উপস্থিত থাকিব নোৱাৰিলে ভিডিঅ’ কনফাৰেঞ্চত ৷

আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰি অসুস্থ তিনিওৰে কোভিড পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসা কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰক ৷