বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানৰ সৈতে অসমৰ কি সম্পৰ্ক আছে জানেনে?

বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানৰ সৈতে অসমৰ কি সম্পৰ্ক আছে জানেনে?

July 28, 2020 0 By NEWS DESK

হনী ঝাঁঝৰী। সমগ্ৰ বিশ্বৰ চকু ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মৰা ৫ টা অত্যাধুনিক ৰাফেল যুদ্ধ বিমানৰ ওপৰত।

সােমবাৰে ফ্ৰান্সৰ পৰা উৰা মৰা বিমানকেইখন বুধবাৰে পুৱা উপস্থিত হ’ব ভাৰতত।

তাৰ পাছতে আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ’ব ভাৰতীয় বায়ু সেনাত।

কিন্তু এই ৰাফেল যুদ্ধ বিমানৰ সৈতে অসমৰ কি সম্পৰ্ক আপুনি জানেনে?

দৰাচলতে, এই যুদ্ধ বিমানৰ ভাৰতীয় বায়ুসেনাত চামিলকৰণৰ পাছত এক পেচ (Patch) স্বীকৃতি প্ৰদান কৰা হ’ব।

এই পেচ (Patch) বা ল’গ’ হ’ব ৰাফেলৰ ভাৰতীয় প্ৰতীক, যি সদায়েই সংলগ্ন হৈ থাকিব পায়লটৰ পােছাকৰ সৈতে।

এই ল’গ’ ডিজাইন কৰিছে এজন সুযােগ্য অসম সন্তানে।

এই ডিজাইনাৰ জন হৈছে সৌৰভ চৌৰডিয়া।

অসমৰ চিৰাং জিলাৰ বাসু গাঁৱৰ বাসিন্দা সৌৰভ।

এনেদৰে ভাৰতৰ সৰ্ব শক্তিশালী যুদ্ধ বিমান ৰাফেলৰ লগত জড়িত হৈছে অসমৰ নাম।

নতুন ৰফেল যুদ্ধ বিমানৰ Golden Arrow (সোণালী কাঁড়) দল (Squadron) ৰ patch design কৰিছে সৌৰভে।

এই প্ৰতিবেদকৰ সৈতে হােৱা এক টেলিফােনিক সাক্ষাতত সৌৰভে কয় যে বায়ুসেনাৰ পৰা এই সন্দৰ্ভত দায়িত্ব লাভ কৰিছিল।

উল্লেখ্য যে সম্প্ৰতি দিল্লীৰ এখন গেমিংগ প্ৰতিষ্ঠানত 3D Graphic Designer হিচাপে কাম কৰি আছে সৌৰভে।

তেওঁ ইয়াৰ পূৰ্বে Tejas Squadron আৰু Surya Kiran Aerobatic Team ৰ Patch Designer আছিল।

সৌৰভে কয় যে ভাৰতত ৰাফেল বিমানৰ এইটোৱেই হব প্ৰথম গোট বা স্কােৱড্ৰেন।

যোৱাবছৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰজনাথ সিং ফ্ৰান্সলৈ যোৱাৰ আগতেই মোক দলটোৱে এই দায়িত্ব দিছিল।

মই ল’গ’টো (logo) ধুনীয়াকৈ সজাইছো। তেওঁলোকৰ হিমালয়ান ঈগলৰ লগত সোণালী কাঁড় ডাল দিছোঁ আৰু ভাৰতৰ জাতীয় পতাকাখন দিছো ৰাফেল বিমানৰ লগত।

এই শক্তিশালী যুদ্ধ বিমান ২৯ জুলাইত ভাৰতৰ আম্বালাত প্ৰৱেশ কৰিব আৰু Golden Arrow Squadron ৰ অংশ হ’ব।