মুকলি হ’ল ভাৰতৰ প্ৰথমটাে ‘স্বদেশী’ ছ’চিয়েল মিডিয়া এপ Elyments

মুকলি হ’ল ভাৰতৰ প্ৰথমটাে ‘স্বদেশী’ ছ’চিয়েল মিডিয়া এপ Elyments

July 6, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। ভাৰতত নিষিদ্ধ হ’ল চীনা ম’বাইল এপ।

এতিয়া ভাৰতে এপৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব বিচাৰিছে।

কেৱল এপেই নহয়, ভাৰতে গুৰুত্ব দিছে নিজা উৎপাদিত দ্ৰৱ্য অথবা সামগ্ৰী ব্যৱহাৰত।

সেয়েহে তথ্য প্ৰযুক্তিৰ জগতখনত ভাৰতেও দেখুৱাব বিচাৰিছে নিজা দখল।

সেই উদ্দশ্যেৰে ভাৰতত সাজি উলিওৱা হ’ল সামাজিক মাধ্যমৰ এক নতুন এপ।

সামাজিক মাধ্যম Facebook, WhatsApp, Instagram আদিক ফেৰ মাৰিব পৰা ভাৰতীয় এই এপ ৰ নাম হ’ল Elyments

Art of living উদ্যােগত তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰায় ১০০০ স্বেচ্ছাসেৱকে নিৰ্মাণ কৰি উলিয়াইছে এই এপ।

এই এপ টোত উপলব্ধ হব দেশৰ ৮ টা ভাষা।

দেওবাৰে উপ ৰাষ্ট্ৰপতি ভেঙ্কায়া নাইডুৱে এই নৱনিৰ্মিত দেশীয় এপ টো উদ্বোধন কৰি কয় যে মই এই দেশৰ থলুৱা এপ্ নিৰ্মাণ কৰা ১০০০ স্বেচ্ছসেৱকক লগ পাই সুখী হও, দেশৰ ৮ ভাষা সন্নিৱিষ্ট হোৱাটো প্ৰশংসনীয়।

এই এপ দেশত নিৰ্মিত হ’লেও বিশ্বজুৰি ইয়াৰ ব্যৱহাৰ হব বুলি আশা কৰা হৈছে।

কি কি বিশেষ বৈশিষ্ট্য আছে এই এপ্ ত। জানো আহক-
Elyments থাকিব কেমেৰাৰ বিশেষ সুবিধা য’ত থাকিব filter আৰু augmented reality সুবিধা।

থাকিব সংক্ষেপতে মেচেজ কৰিব পৰা আৰু গ্ৰুপ ছাটিং ৰ সুবিধা।

৮ ভাৰতীয় ভাষাও উপলব্ধ হব এই এপত।

ইয়াৰোপৰি এই এপ ব্যৱহাৰকাৰীয়ে লাভ কৰিবলৈ সক্ষম হব দেশ আৰু বিশ্বৰ সকলোধৰণৰ বা – বাতৰি।

নিৰাপত্তা জনিত বৈশিষ্ট্য ও ৰাখিছে এই এপত।

ব্যৱহাৰকাৰীৰ পৰা কোনেও ডাটা চুৰি কৰিব নোৱাৰিব ।

দুজন ব্যক্তিৰ মাজত হোৱা কথোপকথন কোনো তৃতীয় পক্ষই চাব নোৱাৰিব।