নতুন শিক্ষানীতি কেনেদৰে কাৰ্যকৰী কৰা হ’ব অসমত ? সংবাদমেলত কি কি নতুন খবৰ দিলে শিক্ষামন্ত্ৰীয়ে ?

নতুন শিক্ষানীতি কেনেদৰে কাৰ্যকৰী কৰা হ’ব অসমত ? সংবাদমেলত কি কি নতুন খবৰ দিলে শিক্ষামন্ত্ৰীয়ে ?

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- শিক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক সন্দৰ্ভত সংবাদমেল কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ ।

https://www.facebook.com/watch/?v=2653006701624875

সেই অনুসৰি, দ্বাদশ শ্ৰেণীৰ লৈকে বাধ্যমূলক শিক্ষানীতি । প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ চাৰিটা স্তৰত বিভক্ত ।

আনহাতে, পঞ্চম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব মাতৃভাষা ।

২০৩০চনৰ লৈকে অসমৰ সকলো মহবিদ্যালয়ত হ’ব স্বায়ত্তশাসিত ।

শিক্ষানীতি কাৰ্যকৰী কৰাৰ প্ৰসংগত ইতিমধ্যে এখন ৪০ জনীয়া কমিটি গঠন কৰাৰ কথাও সদৰি কৰে মন্ত্ৰী শৰ্মাই ।

৪০ জনীয়া কমিটিখনে ৩১ আগষ্টৰ ভিতৰত নতুন শিক্ষানীতিৰ সম্পৰ্কত আলোচনা কৰিব ।

মন্ত্ৰী শৰ্মাই লগতে কয়- ‘শিক্ষাৰ ক্ষেত্ৰত ৬ শতাংশ জিডিপি ব্যৱহাৰ হ’ব ।’

আনহাতে ৰাজ্যৰ শিক্ষাবিভাগত এইবৰ্ষতে কেবাটাও পদত নিযুক্তি দিয়াৰ লগতে বিদ্যালয়, মহাবিদ্যালয় কেবাখনো প্ৰাদেশীকৰণ কৰা হ’ব বুলি সদৰি কৰে ।

সেই অনুসৰি, অসমৰ ১৬ খন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হ’ব । ইতিমধ্যে গুৱাহাটীৰ এছ বি দেওৰা কলেজ, হাজোৰ সুৰেন দাস কলেজ, ধেমাজিৰ চিলাপথাৰ কলেজ, মাজুলীৰ জেংৰাইমুখ কলেজ আৰু শদিয়া কলেজ আদি মহাবিদ্যালয় নিৰ্বাচিত কৰা হৈছে বুলি জানিব দিয়ে ।

৩৫৫ খন বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ বাবে ১৮ আগষ্টত অধীসূচনা ওলাব ।

ইফালে ৪১৪ টা নতুন শিক্ষকৰ পদো নিয়মীয়াকৰণ কৰাৰ লগতে মাধ্যমিক শিক্ষাত ৩৩৫৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী প্ৰাদেশীকৰণ হ’ব ।

৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৪৯ খন কণিষ্ঠ মহাবিদ্যালয়কে ধৰি ৩৫৫ খন নতুন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব । অৱশ্যে এইয়া কাৰ্যকৰী হ’ব জানুৱাৰীত ।

Services of some private hospitals court controversy; Health ...

নতুনকৈ ৩০খন মহাবিদ্যালয়ৰ প্ৰাদেশীকৰণৰ কথাও সংবাদমেলত জানিব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে ৩১ আগষ্টৰ ভিতৰত শিক্ষক-কৰ্মচাৰীসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব কৰ’ণাৰ পৰীক্ষা।

কিয়নো ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা ।

চতুৰ্থ শ্ৰেণীৰ লৈকে ছেপ্তেম্বৰ মাহটোত বন্ধ থাকিব ।

আনহাতে পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ শ্ৰেণীৰ লৈকে শ্ৰেণীকোঠাৰ বিপৰীতে মুকলি আকাশৰ তলত হব শিক্ষাদান ।

কিন্তু নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হব শ্ৰেণীকোঠাতে ।

দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত ৪দিনকৈ হব বিদ্যালয়তে ।

ঘৰৰ পৰা বিদ্যালয় দূৰ হলে নিকৰ্টৱতী যিকোনো শিক্ষানুষ্ঠানে পাঠদান গ্ৰহণ কৰিব পাৰিব ।

এটা কোঠাত বহিব নোৱাৰিব ১৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী ।