নেপালৰ কেবল টিভিত দুৰদৰ্শনৰ বাদে সকলো ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ নিষিদ্ধ !

নেপালৰ কেবল টিভিত দুৰদৰ্শনৰ বাদে সকলো ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ নিষিদ্ধ !

July 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- নেপালত বন্ধ কৰা হ’ল ভাৰতীয় নিউজ চেনেল ।

নেপালৰ কেবল টিভি অপাৰেটৰ সকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

অৱশ্যে ভাৰতৰ দূৰদৰ্শন চেনেলটো চলি থাকিব নেপালত ।

অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈ কোনোধৰণৰ বিভাগীয় নিৰ্দেশনা প্ৰকাশ কৰা নায় ।

নেপালে ভাৰতৰ সন্দৰ্ভত এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ ঘটনা এয়াই প্ৰথম।

Nepal decides to ban Indian news channels

নেপালৰ মেগা মেক্স টিভিৰ সঞ্চালক ধ্ৰুৱ শৰ্মাই কয়- ‘আজি সন্ধিয়াৰ পৰা আমি দুৰদৰ্শনক বাদ দি সকলো ধৰণৰ ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰিম ।’

নেপাল কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ নৰায়ণ কাজিয়ে ভাৰতীয় সংবাদ মাধ্যমৰ ভিত্তিহীন সংবাদ পৰিবেশন বন্ধ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰাৰ পাছতে নেপালত ভাৰতীয় নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হয় ।

উল্লেখ্য যে, যোৱা কিছু দিনৰ পৰা নেপাল আৰু ভাৰতৰ মাজত পূৰ্বৰ দৰে সুসম্পৰ্ক ৰক্ষা হৈ থকা নাই । সীমা বিবাদক লৈ নেপালে ভাৰতৰ বিৰোধিতা কৰি আহিছে ।