ক’ভিড-১৯ ৰােগীৰ পৰা ৯৯% সংক্ৰমণ ৰােধ কৰিব পৰা বিশেষ স্প্রে’ উদ্ভাৱন হাৰ্ভাৰ্ডৰ

ক’ভিড-১৯ ৰােগীৰ পৰা ৯৯% সংক্ৰমণ ৰােধ কৰিব পৰা বিশেষ স্প্রে’ উদ্ভাৱন হাৰ্ভাৰ্ডৰ

July 10, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। বিশ্ববাসীৰ বাবে ভাল খবৰ।

বিশ্বৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হাৰ্ভাড বিশ্ববিদ্যালয়ৰ অধ্যাপকে উদ্ভাৱন কৰিছে এক বিশেষ স্প্ৰে।

অধ্যাপক ড° ডেভিদ এডৱাৰ্ডে দাবী কৰিছে যে নাকেৰে ব্যৱহাৰ কৰিব পৰা এই স্প্রেটোৱে ৰোধিব পাৰিব কভিড-১৯ ৰ পৰা হ’ব পৰা সংক্ৰমণ।

এই স্প্রেটোৰ নাম দিয়া হৈছে FEND।

ই ৬ ঘণ্টালৈকে শৰীৰত সক্ৰিয় হৈ থাকিব।

যিকােনাে ব্যক্তিৰ নাকত প্ৰয়ােগ কৰিলে এই স্প্ৰে’ই নাকেৰে ভাইৰাছ-বেক্টেৰিয়াৰ বাহিৰত ওলাই যােৱা বন্ধ কৰিব।

যাৰ ফলত ক’ভিড-১৯ৰ লগতে আন সকলাে প্ৰকাৰৰ বতাহৰ জৰিয়তে হ’ব পৰা বেমাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা যাব।

ড. এডৱাৰ্ডে দাবী কৰে যে ক’ভিড-১৯ ত সংক্ৰমিত ব্যক্তিৰ নাকত প্ৰয়ােগ কৰিলে নাকৰ জৰিয়তে উশাহ-নিশাহত হ’ব পৰা ভাইৰাছৰ সংক্ৰমণ ৯৯ শতাংশই প্ৰতিৰােধ কৰিব।

সাগৰৰ পানীত পোৱা কিছুমান বিশেষ পদাৰ্থৰে সাজি উলিয়াইছে এই স্প্রে।

vaccine

সু খবৰ! ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগৰ ভেকচিন সাজু, পৰীক্ষাৰ শেষ পৰ্যায়ত

ইন্টাৰনেশ্যনেল ডেস্ক। সমগ্ৰ বিশ্বই কৰণা মহামাৰীৰ বিৰুদ্ধে যুঁজি আছে।

বহু ৰাষ্ট্ৰ অথবা বিজ্ঞানীয়ে দিনে নিশাই যুঁজি আছে ভেকচিন প্ৰস্তুতৰ বাবে।

ৰাছিয়াৰ এক বিজ্ঞানীৰ দলে এইবাৰ লৈ আহিছে সু খবৰ।

ভেকচিন প্ৰস্তুতৰ প্ৰায় শেষ পৰ্যায়ত অৱতীৰ্ণ হল ৰাছিয়াৰ এই দলটো।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু গামালেই নেচনেল ৰিছাৰ্চ চেণ্টাৰ ফৰ এপিদেমলজি এণ্ড মাইক্ৰো বায়লজি এ সম্পন্ন কৰে এই ভেকচিনৰ ক্লিনিকেল পৰীক্ষা।

শুকুৰবাৰে এই কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

স্বেচ্ছাসেৱকৰ প্ৰথমটো দলৰ দেহত জুন মাহৰ শেষত সম্পন্ন কৰে এই পৰীক্ষা।

এই দলটোত আছিল ৫০গৰাকী চাকৰিয়াল। ইয়াৰ ফলাফল পৰীক্ষা ১৫ জুলাইত শেষ হ’ব।

অহা ১৩ জুলাইত দ্বিতীয় টো দল ৰ দেহত পৰীক্ষা কৰিব এই ভেকচিন।

এই দলত থাকিব ৫০ সাধাৰণ লোক। এই ভেকচিন এ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব বুলি জনায় মন্ত্ৰালয়ে।

প্ৰথম টো দলক পৰীক্ষাৰ পিছত তেওঁলোকৰ দেহত কোনো পাৰ্শ্বক্ৰিয়া (Side effect) পোৱা নাযায় বুলি প্ৰকাশ কৰে।

লগতে কয় তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধি পায়। প্ৰথমটো দলৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত বুৰ্দেনকো মিলিটেৰী হস্পিটাল ৰ পৰা ঘৰলৈ পঠোৱা হব।

ইয়াৰ পূৰ্বে ১৮ জুনত ১৮ জন কৰণা আক্ৰান্তৰ দেহত উক্ত প্ৰতিষ্ঠানে প্ৰয়োগ কৰিছিল এই ভেকচিন।