নাছাই মঙল গ্ৰহলৈ উৎক্ষেপণ কৰিলে সকলোতকৈ ডাঙৰ ‘মাৰ্ছ ২০২০’ মহাকাশ যান !

নাছাই মঙল গ্ৰহলৈ উৎক্ষেপণ কৰিলে সকলোতকৈ ডাঙৰ ‘মাৰ্ছ ২০২০’ মহাকাশ যান !

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কৰ’ণাৰ আতংকৰ মাজতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই মঙল গ্ৰহলৈ উৎক্ষেপণ কৰিলে সকলোতকৈ ডাঙৰ মহাকাশ যান ।

 বৃহস্পতিবাৰে মঙলগ্ৰহলৈ নাছাই ‘মাৰ্ছ ২০২০’ উৎক্ষেপণ কৰে ।

এইবাৰৰ ৰোবৰটো হৈছে বৰ্তমানলৈকে প্ৰেৰণ কৰা ৰোবৰ বোৰৰ ভিতৰত সকলোতকৈ বৃহৎ ।

প্ৰায় ৩০ কোটি মাইল দূৰত্ব অতিক্ৰম কৰি ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মঙল গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰিব এই বৃহৎ ৰোবৰে ।

এই ৰোবৰটোত সংযোগ কৰা আছে ২৫ টা কেমেৰা, মাইক, ড্ৰিল আৰু লেজাৰ লাইট ।

Ingenuity Helicopter

নাছাই ৰোবৰ খনৰ লগত এখন সৰু হেলিকপ্টাৰো প্ৰেৰণ কৰিছে ।

যিয়ে মঙলৰ পৃষ্ঠত অৱতৰণ কৰাৰ বাবে চেষ্টা চলাব ।

এই ৰোবৰটোৱ্ মঙল গ্ৰহৰ পৃষ্ঠৰ পৰা মাটি পৃথিৱীলৈ কঢ়িয়াই আনিব ।

যাৰ ওপৰত বৈজ্ঞানিকে জীৱ থকাৰ সাক্ষ্য প্ৰমাণ বিচাৰিব ।

 ২০৩১ চনলৈ এই সংগ্ৰহ কৰা নমুনা সমূহ লৈ যান খন উভটি অহাৰ সম্ভাৱনা ।