Skip to toolbar
Mon. Sep 21st, 2020

ৰিপ’ৰ্টঃ নিউজ ডেক্স- নগাঁও আদালতৰ দুগৰাকী ন্যায়িক দণ্ডাধীশসহ মুঠ ৫ জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ’ণা ।

কৰ’ণা পজিটিভ ব্যক্তিকেইগৰাকী হ’ল- নিলাভ নয়ণ ডেকা(২৯), ইকবাল আহমেদ(৩১), ছালেহ আহমেদ(৩৪), দিলদাৰ হুছেইন খান(৪৩) আৰু মৃন্ময় জ্যোতি নাথ(৩৮) ।

ইয়াৰে ইকবাল আহমেদ আৰু ছালেহ আহমেদে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত দণ্ডাধীশ হিচাপে কৰ্মৰত থকাৰ বিপৰীতে আন তিনিগৰাকীক তৃতীয়বৰ্গৰ সহায়ক বুলি জানিব পৰা গৈছে ।

আটাইকেইজন লোকৰে নাই কোনো ট্ৰেভেল হিষ্ট্ৰী ।

উল্লেখ্য যে ১৬ জুনত কৰ’ণাত আক্ৰান্ত এগৰাকী কিশোৰীক হাজিৰ কৰিছিল ন্যায়িক আদালতত ।

জানিব পৰা মতে সেই কিশোৰী গৰাকী ৰাইদঙীয়াৰ এজন যুৱকে পলুৱাই নিছিল। পিছত আৰক্ষীয়ে উদ্ধাৰ কৰি আদালতত সাক্ষ্য দিয়াইছিল। পিছত কিশোৰী গৰাকী কৰ’ণাত আক্রান্ত হোৱাত স্বাস্থ্য বিভাগে নগাঁৱৰ ১২ গৰাকী আৰক্ষী কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল ।

সেই কিশোৰী গৰাকীৰ সাক্ষ্য গ্ৰহণৰ বাবেই পৰৱৰ্ত্তী সময়ত ন্যায়িক আদালতৰ এই লোকসকলৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰিছিল ।

জিলা উপায়ুক্ত যাদৱ শইকীয়াই সদৰি কৰিছে এই কথা ।