ক’ৰনা কালতাে বৃদ্ধি সম্পত্তি, বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত সপ্তম স্থান দখল মুকেশ আম্বানিৰ

ক’ৰনা কালতাে বৃদ্ধি সম্পত্তি, বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত সপ্তম স্থান দখল মুকেশ আম্বানিৰ

July 11, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। এছিয়াৰ সবাতােকৈ ধনী ব্যক্তি মুকেশ আম্বানি এইবাৰ বিশ্বৰ ধনী ব্যক্তিৰ শাৰীত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

মুকেশ আম্বানি হ’ল ৰিলায়েন্স প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী।

এইবাৰ তেওঁ বাৰ্কচিৰে হাথাৱে নামৰ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাৰেন বাফেটক চেৰ পেলায়।

অলপতে ফ’ৰ্বছ্ আলোচনীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰকাশ পায় এই কথা।

আলোচনীখনত প্ৰকাশ পোৱা অনুসৰি আম্বানিৰ মুঠ ধন ৭০.১ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে বাফেটৰ মুঠ ধন ৬৮.২ বিলিয়ন ডলাৰ।

তথ্য অনুসৰি ৰিলায়েন্স প্ৰতিষ্ঠানৰ মুঠ নিয়োজিত টকাতকৈ এই বৰ্ষৰ মাৰ্চলৈকে ইয়াৰ আয় দুগুণ।