পৃথিৱীত উল্কাপিণ্ডৰ বৰষুণ! ম’বাইলত আবদ্ধ বিৰল প্ৰাকৃতিক ঘটনা

পৃথিৱীত উল্কাপিণ্ডৰ বৰষুণ! ম’বাইলত আবদ্ধ বিৰল প্ৰাকৃতিক ঘটনা

July 31, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। প্ৰথমবাৰৰ বাবে এক আকৰ্ষণীয় উল্কাপিণ্ডৰ ভিডিঅ’ গ্ৰহণ কৰিলে আমেৰিকাৰ এগৰাকী সংগীতজ্ঞই।

অম্বাৰ কফমেন নামৰ সংগীতজ্ঞ গৰাকীয়ে কৰা ভিডিঅটো এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম সমূহত।

মাজনিশা আকাশত দৃশ্যমান হোৱা অতি উজ্জ্বল উল্কাপিণ্ডটোৰ ভিডিঅ’ দৃশ্যগ্ৰহণ কৰে কফমেনে আৰু অনলাইনযোগে শ্বেয়াৰ কৰা ভিডিঅটো বৰ্তমান লক্ষাধিক লোকে উপভোগ কৰিছে।

এই ঘটনাটো বৰ্ণনা কৰি কফমেনে কয়, আমাৰ জীৱনত দেখা ই এক উল্লেখনীয় কথা। এনে ঘটনা বিৰল। মই অত্যুৎসাহী হৈ পৰিছিলোঁ।

ভিডিঅ’টো শ্বুট কৰা হৈছিল নিউ মেক্সিকৰ টাউচত।

এই সন্দৰ্ভত বিজ্ঞানী ড. জেমছ অ’ ড’ন’গীয়ে কয়, এটা সাধাৰণ কেমেৰাৰে ইমান দ্ৰূূূূূূূূূূূূূূূূূূত বেগেৰে যোৱা উল্কাৰ দৃশ্যগ্ৰহণ কৰাটো কেনেকৈ সম্ভৱ।

আমেৰিকান মেটিঅ’ৰ ছ’চাইটিৰ মতে, দৃশ্যগ্ৰহণৰ সময়ছোৱাত Southern Delta Aquarids আৰু Alpha Capricornids দুটা উল্কা দেখা পোৱা গৈছিল।

girrafe
doctor
pranay kalita