ছহিদ প্ৰণয় কলিতাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল ! ২০ লাখ টকৰা চেক প্ৰদান…

ছহিদ প্ৰণয় কলিতাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল ! ২০ লাখ টকৰা চেক প্ৰদান…

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালী অঞ্চলৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ।

দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশমাতৃৰ বীৰ সন্তান প্ৰণয় কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ লগতে ছহিদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে ছহিদ পত্নীলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় ২০ লাখ টকাৰ চেক ।

ছহিদ পত্নী, ছহিদ পিতৃ, ভাতৃৰ সতে বাৰ্তালাপ কৰাৰ সময়ত হুকহূকাই কান্দি উঠে পৰিয়ালৰ সকলোৱে ।

মুখ্যমন্ত্ৰী সোণোৱালে কয়- ‘বীৰ শ্বহীদৰ মহান ত্যাগক কোনো মূল্যৰেই জুখিব নোৱাৰি। এই শোকস্তব্ধ সময়ত সমগ্ৰ দেশবাসী তথা অসমৰ জনগণ প্ৰণয় কলিতাৰ পৰিয়ালৰ লগত আছে।বীৰ সৈনিক প্ৰণয় কলিতাৰ স্বদেশপ্ৰেম, মহান ত্যাগ আৰু বীৰত্বই নতুন প্ৰজন্মক দেশৰ বাবে সমৰ্পিতভাবেৰে আগুৱাই যাবলৈ সদায়ে অনুপ্ৰেৰণা যোগাব। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।’

মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ।