কন্যাৰ সৈতে প্ৰেম কৰাৰ অপৰাধত কিশোৰৰ কাণ কাটি তালিবানী শাস্তি বিহা চিত্ৰ গগৈক অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ কন্যাৰ সৈতে প্ৰেম কৰাৰ অপৰাধত এজন কিশোৰক হাতে-ভৰিয়ে বান্ধি, দুয়োখন কাণ কাটি তালিবানী শাস্তি প্ৰদান কৰা চিত্ৰ গগৈক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰৰ শিমলুগুৰি গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক কাণ্ড।

গাঁওখনৰ এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল একেখন গাঁওৰে প্ৰয়াত বিজু সন্দিকৈৰ কিশোৰ পুত্ৰৰ।

সোমবাৰে প্ৰেয়সীৰ সৈতে একেটা কোঠাৰ ভিতৰত কিশোৰজনে কথা পাতি থকা সময়তে তেওঁলোকক দেখা পায় কিশোৰীগৰাকীৰ পিতৃ চিত্ৰ গগৈয়ে।

photo1658211930
কন্যাৰ সৈতে প্ৰেম কৰাৰ অপৰাধত কিশোৰৰ কাণ কাটি তালিবানী শাস্তি বিহা চিত্ৰ গগৈক অৱশেষত গ্ৰেপ্তাৰ 2

তাৰ পিছতে কিশোৰজনক হাতে-ভৰিয়ে বান্ধি নিৰ্মমভাৱে অত্যাচাৰ চলায় চিত্ৰ গগৈ নামৰ লোকজনে। কেৱল মাৰধৰতে ক্ষান্ত নাথাকি দা-ৰে কিশোৰজনৰ দুয়োখন কাণো কাটি পেলায় লোকজনে।

পৰৱৰ্তী সময়ত স্থানীয় লোকে কিশোৰজনক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায়। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰেমিক কিশোৰজন।

ইফালে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা চিত্ৰ গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিত্ৰ গগৈক। বৰ্তমান আৰক্ষী থানাত অভিযুক্ত লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।