ৰিপ’ৰ্টঃ মৃদুল নিবিড়। বহু প্ৰত্যাশিত লক ডাউনত ৪মে’ত ভৰি দিলেহি । সাধাৰণ খাটিখোৱা মানুহৰ ধাৰণাত লকডাউনৰ অন্তিমটো দিন আছিল ৩মে’ । কিন্তু লকডাউনৰ সময়সীমা বৃদ্ধি হ’ল। আৰু দুটা সপ্তাহলৈ বৃদ্ধি হ’ল লকডাউন।

লকডাউনৰ সময়খিনিত খোৱাই বাৰুকৈ খাইছে। আমি নক’লেও ফেচবুকত নিশ্চয় প্ৰমাণ পাইছে। ফ’টো ক্লিক কৰি নিজৰ ধৰণে কেপচন লিখিছে, কোনোবাই সেই খাদ্য সম্ভাৰ দেখি প্ৰসংশা কৰিছে আন কোনোবাই আকৌ এমুঠি খাকবলৈকে পোৱা নাই ।
এইবোৰ ভাৰ্চোৱেল পৃথিৱীৰ কথা। কিন্তু আজি আমি দেখুৱাম আপোনাক ভাৰ্চোৱেল পৃথিৱীৰ বাহিৰত প্ৰতিদিনেই অৱস্থান কৰা আপোনাৰ-মোৰ চুবুৰীৰ-বাবু, বুধু, পুচু, ভাইটু, চনিয়াহতৰ কথা। সিহঁতক দেখি কোনোবা ভাৱুক কবিয়ে Robert frost ৰ The roadside stand কবিতাটি লৈ মনত পেলাব পাৰে।

সিহঁতে আগবঢ়াই থোৱা কচু, ঢেঁকীয়া, খুটুৰাৰ মুঠি কেইটা কবিয়ে কবিতাৰে সজাব পাৰে।অথচ এই কচু-ঢেঁকীয়া কেইমুঠি বিক্ৰী নহ’লে চৌকা নজ্জ্বলে বাবু-বুধুৰ চনিয়াৰ ঘৰত।
আপুনি দেখা দৃশ্যটো সোণাৰিৰ ঐতিহাসিক ধোদৰআলিৰ কাষৰ দৃশ্য। সেই পথেৰে আহ-যাহ কৰা সকলৰ বাবে চিনাকি দৃশ্য। আমাৰ কেমেৰা দেখি বাবু, বুধু, ভাইটু, চনিয়াহতে প্ৰথমতে অপ্ৰস্তুত হৈছিল যদিও পিছত ভয়ে ভয়ে কৈ গৈছিল জীৱন আৰু জীৱিকাৰ লগতে অনাহাৰী জীৱনৰ বুভুক্ষু বেদনা।
লকডাউনত বাগিচাৰ কাম বন্ধ। শ্ৰমিক পিতৃ-মাতৃয়ে নিবাৰণ কৰিব পৰা নাই পেটৰ ক্ষুধা।সন্ধিয়া হ’লেই অমানিশা, বহুতৰে নজ্বলে চৌকা। স্কুল বন্ধৰ দিন, সেয়েহে পুৱাই বাগিচা বা নদী কাষৰীয়া অঞ্চলৰ পৰা এইদৰে কচু-ঢেঁকীয়া লৈ বাবু, বুধু, ভাইটু, চনিয়াহতে ধোদৰআলিৰ কাষত জাক পাটি পুৱাৰৰপৰা সন্ধিয়ালৈ গ্ৰাহকৰৰ অপেক্ষা কৰে।

আধাপেটি ভাতেৰে ইহঁতৰ দৰে বহুতেই দিন নিয়াইছে। সাহায্য দিয়াই সাহাৰ্য দিছে, নাজানো ইহঁতৰ দৰে বুভুক্ষুজনে পাইছে নে নাপাইছে। অথচ এইসকল কণমানিয়ে সাহাৰ্যলৈ হাত সাৱটি বহি নাথাকি নিজেই কঁচু-ঢেঁকীয়া কেইমুঠি লৈ পৰিয়াল ভৰণ-পোষণৰ চিন্তা কৰিছে।
দৰাচলতে এই কাৰ্য ভালেই হওক বা বেয়াই হওক সেয়া আমি কবলৈ নাযাওঁ কিন্তু কাকো ভীক্ষা নুখুজি সন্মানৰে দুপইছা আৰ্জন কৰি ঘৰৰ চৌকা জ্বলাবলৈ চিন্তা কৰাটোৱেই যোগাত্মক কথা।