এবাৰ আৰোগ্য লাভ কৰি পুনৰ কৰ’ণাৰ আক্ৰান্ত মহানগৰীৰ আৰক্ষী বিষয়া !

এবাৰ আৰোগ্য লাভ কৰি পুনৰ কৰ’ণাৰ আক্ৰান্ত মহানগৰীৰ আৰক্ষী বিষয়া !

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰী ৰূপ ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

এইবাৰ পোহৰলৈ আহিছে কৰ’ণাৰ আন এক ভয়াৱহ খবৰ ।

Image

কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰা এগৰাকী আৰক্ষী বিষয়া পুনৰ আক্ৰান্ত হৈছে মাৰাত্মক কৰ’ণাত ।

জালুকবাৰী থানাৰ ASI মণিৰাম কলিতা প্ৰথমে কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও শেহতীয়াকৈ কৰা কৰ’ণা টেষ্টত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ ।

উল্লেখ্য যে, যোৱা কিছুদিন পূৰ্বে কৰ’ণামুক্ত হৈ কৰ্মত নিয়োজিত হৈছিল ASI কলিতা ।

সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মণিৰাম কলিতাক ।

Image

উল্লেখ্য যে, জালুকবাৰী আৰক্ষী থানা আৰু যানবাহন শাখাৰ মুঠ ৮গৰাকীকৈ আৰক্ষী জোৱান কৰ’ণাত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ।