ISRO-ৰ আন এক অভিলেখ, সফলতাৰে উৎক্ষেপণ কৰিলে দেশৰ প্ৰথমখন ব্যক্তিগত ৰকেট বিক্ৰম-এছ…

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমূকৈ ইছৰ’ৰ আন এক ডাঙৰ অভিলেখ।

সফলতাৰে উৎক্ষেপণ কৰিলে দেশৰ প্ৰথমখন ব্যক্তিগত ৰকেট বিক্ৰম-এছ।

আজি পুৱা ১১:৩০ বজাত ইছৰ’ৱে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰে।

ইছৰ’ৰ এই মিছনটোৰ নাম ৰখা হৈছিল ‘আৰাম্ভ’।

স্কাইৰুট এৰোস্পেচৰ সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দানাই এই সফলতাক নতুন ভাৰতৰ প্ৰতীক হিচাপে অভিহিত কৰিছে।

আনহাতে ইছৰ’ৱে এই মিছনটোৰ বাবে ভাৰতৰ সৈতে সহযোগিতা কৰা সকলোকে অভিনন্দন জনাযইছে।

ব্যক্তিগত ৰকেট বিক্ৰম-এছ হায়দৰাবাদস্থিত ষ্টাৰ্টআপ কোম্পানী স্কাইৰুট এৰোস্পেছে বিকশিত কৰিছে।

উল্লেখ্য যে, উৎক্ষেপণৰ তাৰিখ ১৫ নৱেম্বৰত ৰখা হৈছিল যদিও বতৰৰ পৰিৱৰ্তনৰ বাবে আজি অৰ্থাৎ ১৮ নৱেম্বৰত উৎক্ষেপণ কৰা হয়।