নিউজ ডেস্কঃ ৰে’ল বিভাগৰ পৰা ২ টকা ৰিফাণ্ড বিচাৰি যোৱা ৫ বছৰ ধৰি যুঁজ দি অৱশেষত জয়ী হ’ল এজন যুৱক। আইআৰচিটিচিয়ে কেৱল যুৱক জনকে নহয়, এতিয়া ২.৯৮ লাখ গ্ৰাহকক ঘূৰাই দিবলগীয়া হৈছে অতিৰিক্তভাৱে কৰ্তন কৰা টিকটৰ ধন। যাৰ মূল্য হৈছে ২.৪৩ কোটি টকা।
এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ কোটাত। জানিব পৰা মতে, কোটাৰ ৩০ বৰ্ষীয় সুজিত স্বামী নামৰ যুৱকজনে্ ৫ বছৰ পূৰ্বে অৰ্থাৎ ২০১৭ চনৰ এপ্ৰিল মাহত কোটাৰ পৰা দিল্লীলৈ যাত্ৰা কৰিবলৈ গোল্ডেন টেম্পল মেইল ৰে’লগাড়ীখনৰ এটা টিকট বুকিং কৰিছিল।
যুৱকজনে জুলাইৰ ২ তাৰিখে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব লাগিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ টিকটটো বাতিল কৰে।
সেই সময়ত ৭৬৫ টকাৰে বুকিং কৰা টিকটটো কেনচেল কৰাৰ পিছত সুজিত স্বামীক ৬৬৫ টকা উভতাই দিয়ে আইআৰচিটিচিয়ে।
সুজিতে কয় যে ৰে’লৱেয়ে ৬৫ টকাৰ পৰিৱৰ্তে ১০০ টকা কৰ্তন কৰি সেৱা কৰ হিচাপে অতিৰিক্ত ৩৫ টকা আদায় কৰিছিল।
সুজিতে ২০১৭ চনৰ জুলাই মাহত বিষয়টো সন্দৰ্ভত আৰটিআই আবেদন কৰি তথ্য বিচাৰে। যাৰ অধীনত আৰু কিমান গ্ৰাহকৰ ৩৫টকাকৈ অতিৰিক্ত সেৱা কৰ কৰ্তন কৰা হৈছে সেই তথ্য বিচাৰে যুৱকজনে। ইয়াৰ প্ৰত্যুত্তৰত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য।
ৰে’লৱেয়ে দিয়া তথ্যত প্ৰকাশ পায় যে প্ৰায় ২ লাখ ৯৮ হাজাৰ যাত্ৰীৰ পৰা সেৱা কৰ হিচাপে ৩৫ টকা আদায় কৰা হৈছিল।
ইয়াৰ পিচতে সুজিতে ৰে’লমন্ত্ৰী, প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি সকলো গ্ৰাহকৰ ধন ঘূৰাই দিবলৈ দাবী জনায়।
২০১৯ চনৰ মে’ত সুজিতৰ বেংক একাউণ্টৰ জৰিয়তে আইআৰচিটিচিয়ে ৩৩ টকা ৰিফাণ্ড কৰে যদিও ৩৫ টকাৰ ঠাইত ৩৩ টকা ৰিফাণ্ড কৰাক লৈ অসন্তুষ্ট হৈ পৰে সুজিত স্বামী। তাৰ পিছতে তেওঁ ২টকা ঘূৰাই পাবলৈ পুনৰ যুঁজ চলায়।
সুজিতে পুনৰ ২০১৯ চনৰ জুলাই মাহত আৰটিআই দাখিল কৰি নিজৰ লগতে সকলো গ্ৰাহকক ২ টকা ঘূৰাই দিবলৈ দাবী জনায়। সুজিতে প্ৰতি দুমাহৰ মূৰে মূৰে আৰটিআইৰ জৰিয়তে ৰিফাণ্ডৰ অৱস্থাৰ বিষয়ে বুজ লয়।
ইফালে সুজিতৰ বিষয়টো ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ৰ বিত্ত আয়ুক্ত তথা চেক্ৰেটৰী, আইআৰচিটচিৰ ৰে’লৱে ব’ৰ্ডৰ পেচেঞ্জাৰ মাৰ্কেটিংৰ উপ-সঞ্চালক, বিত্ত মন্ত্ৰালয় (ৰাজহ) বিভাগৰ চেক্ৰেটৰী আৰু জিএছটি পৰিষদৰ ওচৰ পায়গৈ।
সুজিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী অনুৰাগ ঠাকুৰ, নিৰ্মলা সীতাৰমণ, ৰে’লমন্ত্ৰীক উদ্দেশ্যি টুইটো কৰে। তাৰ পিছতে ২৭ মে’ত সুজিতলৈ ফোন আহে আইআৰচিটিচিৰ এগৰাকী বিষয়াৰ পৰা।
Thank you @IRCTCofficial @AshwiniVaishnaw @RailMinIndia @GST_Council @nsitharaman @narendramodi @ianuragthakur @PMOIndia
— Sujeet Swami️ (@shibbu87) May 30, 2022
Today, I have received refund amount.
This fight for improving system only.
I have donated Rs 535/- in #PMCARES
I wish #GOI will understand my intentions https://t.co/zu8PepDi40
ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে সুজিতক অৱগত কৰে যে ৰে’লৱে ব’ৰ্ডে সকলো গ্ৰাহকক ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে। লগতে সুজিতৰ বেংক একাউণ্টৰ বিষয়েও তথ্য বিচাৰে।
আৰু অৱশেষত ৩০ মে’ত সুজিতৰ একাউণ্টত জৰিয়তে ৰে’লৱেয়ে তেওঁক ২ টকাৰ ৰিফাণ্ড প্ৰদান কৰে। ইয়াৰ পিছতে যুৱকজনে ৫৩৫ টকা পি এম কেয়াৰ ফাণ্ডলৈ হস্তান্তৰ কৰি তেওঁৰ পাঁচ বছৰীয়া সংগ্ৰাম সম্পূৰ্ণ হোৱাৰ পিছত ধন্যবাদ জনায়।