IPS সুবোধ কুমাৰ জয়ছোৱাল CBI ৰ নতুন সঞ্চালক প্ৰধান

May 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মংগলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে সুবোধ কুমাৰ জয়ছোৱালে।

তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৫ বেটচৰ মহাৰাষ্ট্ৰ কেডাৰৰ বিষয়া।

আগন্তুক ২ বছৰৰ বাবে নিযুক্তি লাভ কৰে তেওঁ।

নিযুক্তি লাভৰ পূৰ্বে সুবোধ কুমাৰ জয়ছোৱালে কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনীৰ প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তিনিজনীয়া নিৰ্বাচনী কমিটিয়ে ২৪ মে’ত চূড়ান্ত কৰে জয়ছোৱালৰ নাম।

তিনিজনীয়া নিৰ্বাচনী কমিটিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন আৰু লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী।

অৱশ্যে বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে সুবোধ কুমাৰ জয়ছোৱালৰ নামক লৈ আপত্তি কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ নামেই চূড়ান্ত কৰা হয়।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীৰ পৰা খালী হৈ আছিল চি বি আইৰ সঞ্চালকৰ পদ। প্ৰাক্তন সঞ্চালক ঋষি কুমাৰ শুক্লাৰ কাৰ্যকাল অন্ত পৰাৰ পাছৰে পৰা খালী হৈ আছিল সেই পদ। সেয়েহে অতিৰিক্ত সঞ্চালক প্ৰবীণ সিনহাই অন্তৱৰ্তীকালীন দায়িত্ব সম্পাদন কৰিছিল।

সুবোধ কুমাৰ জয়ছোৱাল মহাৰাষ্ট্ৰৰ বহুতো গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োজিত বিশেষ নিৰাপত্তা গোট (SPG) ত কাৰ্যনিৰ্বাহ কৰিছিল। দেশৰ অনুসন্ধানকাৰী সংস্থাৰ গৱেষণা আৰু বিশ্লেষণ শাখাতো তেওঁ কাৰ্য সম্পাদন কৰিছিল।